মাতৃভাষা-অনন্ত কুমাৰ ভূঞা

©Admin
0
মৰমী আইৰ কোলাত 
যি শব্দ আখৈ ফুটাদি প্ৰথমে ফুটে 
সেইয়াই মাতৃভাষা
যি ভাষাত থেন থেনাই কান্দিলে 
আয়ে বুজি পায় সেইয়াই মাতৃভাষা
যি বাক্যৰে কথা ক'লে 
আয়ে বুজি পায়
সেইয়াই চিৰ চেনেহী মাতৃভাষা 
যি ভাষাই জাতিক চিনাকি দিয়ে
সেইয়াই জননীৰ ভাষা
ভাষাই জাতিৰ আশা 
ভাষাই সভ্যতাৰ কঠিয়াতলি
সংস্কৃতিৰ জিলিকা পথাৰ
গীতৰ সুৰ বাজে বাদ্যৰ তালে তালে
শব্দৰ লহৰত প্ৰাণ জাগি উঠে
অভিধানৰ শব্দত প্ৰজ্বলিত মাত কথাই
চিৰ চেনেহী মাতৃ ভাষা।

✍️অনন্ত কুমাৰ ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)