আশাৰ নে নিৰাশাৰ?
জীৱনৰ মাধুৰ্যহীনতা
ভাষা হীন, ছন্দহীন
জীৱন বিথিকা
লাহে লাহে বাঢ়ি আহে
মৰুভূৰ ব্যাপ্তি
হু হু ধুমুহাৰ আগজাননীয়ে ৰিক্ত জীৱন বীণাত কৰে
আঘাতৰ উপৰি আঘাত
হতাশাৰ ডাঁৱৰে ঢকা
মোৰ মনৰ
বিস্তীৰ্ণ আকাশ জুৰি
নামি আহে ঘোৰ অমানিশা
পথশ্ৰান্ত, ৰণক্লান্ত
বিহ্বল সৈনিক মই
বিশাল বিশ্বত মাথোঁ
লগৰীয়া
স্মৃতিৰ ৰহঘৰা এটি
হিয়াৰ মাজত সাঁচি থোৱা
অতি সংগোপনে
সেয়ে মোৰ শান্তিৰ আলয়
তোমাৰ অকুন্ঠ প্ৰেম
নিভৃতৰ সুৰ সমলয়।।
✍️ৰেণু শৰ্মা, ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ