নক'বা কোনোদিনে-ৰাজ ৰাহুল

©Admin
0
নাগাওঁ গান তোমাৰ বাবে
যি সুৰত জীৱন জীয়াৰ অনুৰাগ জাগে,
নিলিখোঁ কবিতা তোমাৰ বাবে
যি ছন্দত অভিনৱ অনুভৱৰ জোৱাৰ উঠে।

মিছাতেই তুমি উন্মনা নহ'বা
গোপন কুঠৰি মোৰ পূৰ্ণ হৈয়ে আছে,
ভুলতেও অভিমান নকৰিবা
যি অভিমানে মোক হিল্লোলিত নকৰে।

কেৱল তেওঁৰ বাবে উজাগৰী হৈছিল
নিহালি আবৃত মোৰ শীতৰ ৰজনী,
তেওঁৰ পৰাই শিকিছিলোঁ 
কিহৰ বাবে হৃদয়ত উঠে কঁপনি--!

বহু দিন হ'ল---
তেওঁ আঁতৰি যোৱা--!
এতিয়া নুফুলে হেঁপাহৰ ৰজনীগন্ধা,
উশাহত নানাচে আকাশীগংগা।

অনামিকা,
নক'বা লিখিবলৈ তোমাৰ বাবে কবিতা
নক'বা গাবলৈ সেই গীত--
যি গীতে তোমাক কৰিব পাৰে উতলা--
নক'বা---নক'বা কোনোদিনে,
বন্ধু হৈয়ে থাকা
মাথোঁ ভুল নুবুজিবা...।

✍️ৰাজ ৰাহুল                                
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)