সম্পাদকীয় - ৪ৰ্থ বৰ্ষ দ্বিতীয় সংখ্যা

Rinku Rajowar
0
" জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰৰ সেঁতুৰ বান্ধ শংকা  কিহৰ??
নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই
আমাৰ চকুত তীখাৰ শাণ।"

           নতুন ঊষাৰ প্ৰভাতী কিৰণে প্ৰতিজনৰ চকুলৈ কঢ়িয়াই আনক ৰঙীন আকাংক্ষা । এই বিশাল পৃথিৱীত সাহিত্যই এনে এক উত্তম মাধ্যম- যাৰ জৰিয়তে মানৱ জীৱনৰ মানৱীয় স্বাক্ষৰ   স্বাক্ষৰিত হয় চিৰদিনৰ বাবে।য'ত মনৰ মাজত দোলা  দিয়া আবেগ - অনুভূতি আদি বিভিন্ন অভিজ্ঞতাসমূহ ,হৃদয়ৰ পৰা নিগৰা সু-কোমল বৰ্ণবোৰ,আলফুলে সজাই-পৰাই সাহিত্যৰ যিকোনো ৰূপত অৱতাৰণা কৰে।(যেনে - কবিতা , গল্প,প্ৰবন্ধ , উপন্যাস ইত্যাদি ভিন্নভাৱানুভূতিৰে ....)য'ত বিচাৰি পাওঁ অনেক হৃদয়ৰ নেদেখা নুশুনা,নুবুজা অলেখ বাস্তৱ - অবাস্তৱ ৰহন  সনা জীৱনৰ ৰাগ-ৰাগিনী,হয়তো সেই ৰাগ-ৰাগিনীতে বিলীন হয় শত সহস্ৰখন হৃদয়ৰ উপত্যকাৰ । সেইয়ে কোৱা হয় সাহিত্য  মানুহৰ হৃদয়ে হৃদয়ে বয়।
            ২০২০চনৰ ১ জানুৱাৰী তাৰিখে প্ৰকাশ লাভ  কৰা অসমৰ প্ৰথমখন দৈনিক ৱেব আলোচনীখনে চকুৰ পলকতে তিনিটা বৰ্ষ অতিক্ৰম কৰি চতুৰ্থ বৰ্ষত ভৰি দিছে । অনলাইন আলোচনী হিচাপে ডিজিটেল মাধ্যমৰ যোগেদি অসমীয়া সাহিত্যৰ চানেকি আলোচনীখনে সমগ্ৰ বিশ্বতে সমাদৰ  লাভ কৰিছে । সাহিত্য অনুৰাগীৰ বিশেষ সমাদৰ বুটলিবলৈ সক্ষম হোৱা অসমীয়া সাহিত্যৰ চানেকিৰ ভৱিষ্যত যাত্ৰা অবিৰত থাকক। গতিকে আলোচনীখনৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিয়েই নতুন বছৰটোত নতুন উৎসাহ উদ্দীপনাৰে একান্ত দৃঢ়তাৰে আলোচনীখনৰ খোজ আগুৱাই নিয়াৰ হকে প্ৰতিজ্ঞাবদ্ধ হওক । প্ৰতিজন পাঠক , লেখক আৰু শুভাকাংক্ষীসকলে আলোচনীখনক অসমীয়া ভাষা সাহিত্যৰ চৰ্চা , প্ৰসাৰ, প্ৰচাৰ আৰু সংৰক্ষণৰ লগতে  উঠি অহা যুৱ প্ৰজন্মক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰাৰ এখন মঞ্চ হিচাপে লৈ সহযোগিতা আগবঢ়াওক ।নতুনবোৰ সদায়ে নতুন , নতুন সদায়ে  আহিব , কিন্তু অতীত যে কেতিয়াও ঘূৰি নাহে ।সেইয়ে অতীতক যদি পাহৰি যাওঁ আমাৰ অস্তিত্বও হেৰাই যোৱাটো স্বাভাৱিক। বৰ্তমান যান্ত্ৰিকতাৰ প্ৰভাৱত আমি সকলো নিষ্কৰ্মা হৈ পৰিছো । আমাৰ মানসিকতা দিনক - দিনে সীমিত হ'বলৈহে ধৰিছে ।মাথো বাহ্যিক সৌন্দৰ্যৰ আৱৰণেৰে আমি মহীয়ান হ'বলৈ শিকিছো। যিমান সম্ভৱ   পৰা যায়  দৈনিক অসমীয়া সাহিত্যৰ চানেকি আলোচনীখন সুন্দৰকৈ সজাবৰ বাবে চেষ্টাৰ ক্ৰটী কৰা নাই , হয়তু কিমান সফল হ'লো , সেইয়া আপোনালোকৰ বিচাৰ্য।
                সৰ্বশেষত সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো । "মানুহ মাত্ৰেই ভুল" অজানিতে  অজ্ঞাত আৰু অনভিজ্ঞতাৰ বাবে ভুল ৰৈ যোৱাটো স্বাভাৱিক । সেই ভুল ক্ৰটীৰ বাবে আপোনালোকৰ ওচৰত নিশ্চয় মই ক্ষমাপ্ৰাৰ্থী হৈ ৰ'ম । আশা ৰাখিছো অনাগত সময়ছোৱাত স্বৰ্গৰ পাৰিজাতৰ দৰে " অসমীয়া সাহিত্যৰ চানেকি " সৰ্বাঙ্গসুন্দৰ হৈ ফুলি ৰওক। তাৰে অলেখ কামনা কৰিলোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)