ব'হাগত প্ৰকৃতিৰ ৰং-নৱজিৎ নাথ

©Admin
0
ব'হাগ মানেই,
গছ - বিৰিখৰ ডালত 
সেউজীয়া সেউজীয়া
এজাক ন -কুঁহিপাতৰ 
এটি বিনন্দীয়া মনোমোহা পৰিবেশ।। 
 
ব'হাগ মানেই
প্ৰকৃতিৰ যৌবনা সৌন্দৰ্য্যৰ,
মনোমোহা এটি দৃষ্টিনন্দন‌ পৰিবেশ।।
  
ব'হাগ মানেই,
প্ৰকৃতিৰ বিনন্দীয়া ৰূপত
চৌদিশে ফুলৰ বৰ্ণিল 
নানা ৰঙৰ মেলা ।। 
  
ব'হাগ মানেই , 
যৌৱনা প্ৰকৃতিৰ বুকুত
আৰু ৰাজপথৰ দাঁতিত 
নানা ৰঙী ফুলৰ এখনি
বিশাল দলিছা মাথোঁ।।

ব'হাগ মানেই,
ৰাস্তাৰ দাঁতিত এজাক
কৃষ্ণচূড়াৰ এটি মিচিকিয়াই 
হেঙুলীয়া ৰঙা ৰঙৰ হাঁহি।।


ব'হাগ মানেই,
আলসুৱা এজাক উম্মনা 
সোনাৰু ফুলৰ‌ এটি
মিচিকিয়া হালধীয়া হাঁহি ।।

ব'হাগ মানেই,
ৰাধাচূড়াৰ ফুলৰ
এটি মিছিকিয়া হাঁহি ।।

ব'হাগ মানেই 
এজাৰ ফুলৰ‌ হেজাৰ বুলীয়া 
ৰঙৰ এক মিঠা শিহৰণৰ বতৰা।
  
ব'হাগ মানেই,
মনৰ দুখ বেদনা অৱসাদৰ
পৃথিৱীক নাইকিয়া কৰি
পেলোৱা মন পুলকিত কৰা ।
আনন্দৰে ভৰা এটি বিশেষ মাহ মাথোঁ।।
     
✍️নৱজিৎ নাথ। 
ছিপাঝাৰ, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)