ফাগুন-নৱজিৎ নাথ

©Admin
0
ফাগুন মানেই 
 এছাটি পছোৱা বতাহৰ 
 এক উৰুঙা উৰুঙা মন।।

ফাগুন মানেই,
তল সৰা পাতৰ বিননি, আৰু 
এজাক পছোৱা বতাহৰ 
ৰিণীকি ৰিণিকি শব্দ মাথোঁ।।

 ফাগুন মানেই ,
 উদং পথাৰৰ ধূলিয়ৰি বাটৰ 
  পলাশ ,শিমলু আৰু ৰঙাচুৱা 
  মদাৰ ফুলৰ নানা বৰণীয়া ৰঙৰ মেলা।।          
 
ফাগুন মানেই,
 দেহত ফাকুৱাৰ ৰঙৰ বোল।
আৰু মনত এজাক প্ৰেমৰ 
 বতাহৰ মধুৰ শিহৰণ ।।
  
  
  ফাগুন মানেই,  
 পছোৱা বলীয়া বতাহত  
  মৌসনা প্ৰতিজনৰ হৃদয়ত
 হেজাৰ জনতাৰ মন প্ৰাণত , 
ফাগুনে প্ৰতি বছৰে জাকি মাৰি উৰা । 
সকলোৰে অন্তৰত।।

ফাগুন মানেই, 
 ধূলিয়ৰি বাটক
এজাক বৰষুণে ধুই নিয়ক , 
 শীতৰ লঠঙা গছবোৰ।।
 আকৌ এজাক বৰষুণৰ
   অপেক্ষাৰ অন্তত,
ফাগুনৰ পছোৱা 
উৰুঙা উৰুঙা মনত  
 আহক বসন্তৰ জাননী।।         
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)