কিয় নামাতিলা মোক ?
কবিতা এটা লিখিছিলোঁ
গাবলৈ সভাত।
সভা শুৱনি নহয় বাবে
নামাতিলা মোক
কথা ক'ব নাজানো বাবে
নামাতিলা মোক
জানানে ?
কালিদাসো পণ্ডিত নাছিল !
জানানে ?
কবি মই কেতুৰি
জানানে মই এটা কোৱা ভাতুৰি
বাহিৰত সানিছো ৰং
ভিতৰ ক'লা ।
আজি কবিতাৰ সভালৈ যাওঁ ব'লা !
আখৈ ফুটাদি ফুটিছে
শব্দ কবিতাৰ
মিচিকিয়াই হাঁহি বাগৰিছে
দুখনি ওঁঠত।
দলদোপ হেন্দোলদোপ
কবিতাৰ সভাখন শেষ হ'ল।
গোট খোৱা কবিবোৰ
ঘৰা ঘৰি গুচি গ'ল
কেতুৰি কবি এচুকত বহি ৰ'ল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ