প্ৰথম উপহাৰ হিচাপে পাইছিলোঁ অৱহেলা
ভাৱিছিলো এইবাৰ বাৰিষাৰ শেষত
শৰতৰ উষ্ণতা মিহলি হৈ
আহিব হয়তো বসন্ত,
কিন্তু দুৱাৰ খুলি দেখো
পৰিৱর্তে বসন্তৰ,
ভিৰ কৰিছে এজাক অৱহেলাই।।
তপ্ত দুপৰৰ ৰ'দৰ ন্যায়
মোৰ অনিচ্ছাসত্বেও অৱহেলাই
আলিঙ্গন কৰে প্রতিনিয়ত।
আপোন-পৰ, শত্ৰু-মিত্রৰ পৰা
প্রতি মুহূর্তত, প্রতি পল পাইছোঁ
উপহাৰত কেৱল চৰম অৱহেলা
ভাৱিছিলোঁ জীৱনৰ বিয়লি বেলাৰ
ক্ষুদ্র সময়খিনি প্রেয়সীৰ স'তে
কোনো এক নদীৰ তীৰত পাৰ কৰিম
কিছু সুখৰ সময়
কিন্তু ; নিৰ্লজ্জ বেদনাময় অৱহেলাই
বাৰে বাৰে উভতি আহে
মোৰ ভগ্ন হৃদয়ৰ পদূলিমুখত।।
🔴ইমৰুল কয়েচ
মৈৰাকুচি,ধুবুৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ