নিগ্ধ এজাক বৰষুণৰে,
আন্ধাৰৰ এটি সুৰুঙাৰে।
বঠা বিহীন নাৱৰ সোতঁৰ দিশেৰে
কেৱল নামবিহীন আৰু এটি
পৰিচয়বিহীন ৰূপৰে আহে ।
বহাগৰ এজাক বৰদৈচিলা।।
এটি আশাৰ ৰদালিত,
এচেৰেঙা পোহৰৰে
মেঘৰ ৰ্গাজনি -ঢেৰকনিৰে,
পছন্দ গুম -গুমনিৰ বিননীত।
অগনন ধূলি -বালি আৰু
শিলৰে বিকট শব্দৰে আহে,
ব'হাগৰ এজাক বৰদৈচিলা।।
হেঁপাহৰ সপোনৰ ঘৰ খনত
হিল দল ভাঙি পলকতে
এটি বিধ্বংসী মুখী ৰূপৰে
প্ৰশান্ত কৰি যায় মাথোঁ।
ব'হাগ এজাক বৰদৈচিলা।।
মৰুভূমিত এজাক মৰিচিকাত
সপোনৰ পম খেদি ফুৰাৰ
এজাক জোনাকীৰ দেশত।
অফুৰন্ত সপোন বান্ধাৰ
সমাজৰ প্ৰতিজনৰ
মধ্যবিত্ত সপোনবোৰ আৰু
হেঁপাহৰ ঘৰ খনিত
ছিন্ন- বিছিন্ন কৰি যায় ।
ব'হাগৰ এজাক বৰদৈচিলা ।।
▪️ নৱজিৎ নাথ।
ছিপাঝাৰ, (দৰং) ....।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ