জপাৰ মাজত
হঠাতে ওলাল
এটা হলৌচোলাহে
দেখি দুনয়ন মোৰ
সেমেকা উঠিল।
স্মৃতিৰ পাতা ভাঁহে
কতযে পুৰণি কথা
সোণ ৰূপ মুকুতাৰ লেখা।
এক যৌথ পৰিয়ালৰ
তিনি পুৰুষৰ
সুখ দুখ হাঁহি কান্দোনৰ।
কৰাৰ হলৌচোলা বৰ মৰমৰ
যেনেকৈ নাতিল'ৰাটিক
পৰিবলৈ নিদি ছিল টোপ।
"মাটিত থ'লেও পৰুৱাই পায়, মূৰত থ'লেও
ওকণীয়ে খায়" এনেহেন হলৌচোলাটি।
মূৰত মথুৰা পাগ
ভব্য গব্য সাজ
মৌজাদাৰ দেউতা
মফচলে যায়
হলৌচোলাটি পিন্ধি
হাতত লৈছে লাঠি
হাতীদাঁতৰ চূড়া, বুট জোতা পিন্ধিবলৈ
গপচত যায়
যাক দেখি বাটৰুৱা ৰৈ ৰৈ চায়
হঠাতে এদিন
কৰা ওলাল সমদলে
পুৰণি ঘৰলে।
চাটি, লাঠি, গুৰগুৰী
হলৌচোলাটি
একোকে নিনিলে দেহি উদং ভৰিৰে।
বহু দিন হৈ গ'ল,। বিস্মিত মাৰ গ'ল
সেই ছবিখন।
সিদৰে এদিন
বৰপেৰা খোলোতেই লাগি গ'ল লেঠা
হলৌচোলাটি দেখি
নাতিৰ লাগিল বেথা
"উলিয়াই দিয়া আই
মই হ'ম ককা "
কথাৰ মতেই কাম
নাতি যে আকোৰগোজ
দিলোঁ উলিয়াই,
পিন্ধি ল'লে ককাকৰ
সমস্ত গহনা
মুখত সানিলে ৰং আৰু পকা ডাঁৰি
আৰু পিন্ধে ককাকৰ
বুট জোতাযোৰ
গিৰিপ গাৰাপকৈ
উঠিল বাটত
"মৌজাদাৰ ঘূৰি আহে সিপুৰীৰপৰা" বাটৰুৱা কয় "হেৰ' পলা, পলা, পলা"
◾ৰেণু শৰ্মা , ডিব্ৰুগড়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ