অন্ধ নাৰী- ৰজনী কুমাৰ ডেকা

©Admin
1
সাগৰৰ বালিচৰত বহি
সাজিছিলো এটি সপোনৰ 
বালি ঘৰ ৷
আলোড়ন জগা নিষ্ঠুৰ নিলয়ে
ঘনাই ভাগিছিল মোৰ 
আলুসুৱা ঘৰখন ৷
তথাপিতো প্ৰশ্ন নাছিল
মোৰ কৌতূহলত ,
সাগৰে বিচাৰে কি মোৰ ওপৰত ৷
হিয়াৰ কলমেৰে লিখা মনৰ চিঠিখন
এদিন তুমি ধুমুহা হৈ উৰুৱাই নিছিলা অজান ঠাইলৈ ৷
তথাপিতো প্ৰতিটো পুৱাই 
উদয় হৈছিল মোৰ হৃদয়ত 
এটি হেঙুলী ৰহণ ,
ৰিঙা ৰিঙা মনে মোৰ 
এটি চৰাই হৈ তোমাৰেই কাষ চাপিছিল আৰু তুমি ,,,,,
তুমি এক অভিমানী 
প্ৰণয়ৰে সেয়া আকোৱালি লৈছিলা   
কাৰণ তুমি যেন হৃদয়ৰ অৰ্থ নুবুজা 
নুবুজা তুমি অনুৰাগী মনৰ ভাষা ৷

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. ফাৰুক হুছেইন26 February 2023 at 12:07

    বৰ সুন্দৰ অনুভৱ

    ReplyDelete
Post a Comment