কলেজ জীৱনত সকলোৱেই আমি বন্ধু বান্ধৱী
শাসনত ৰাখে ঠিকেই
কিন্তু হাঁহি -ধেমালিত হওঁ আমি অন্ধ।
কলেজ জীৱনৰ মধুৰ স্মৃতিবোৰ
ৰাখিম স্মৃতিৰে হৃদয়ৰ গভীৰত,
এইবোৰ ফটো দেখি সিদিনা
সকলোৰে পৰিব মনত।
মান-অভিমান, সুখ-দুখত
কাষত পাওঁ তেওঁলোকক,
ভুল হ'লেও শুধৰাই দিয়ে
মিচিকিয়া হাঁহিৰে মুখত।
জীৱনত কোনো নহয় আপোন
তথাপিও বন্ধু ঠিক যেন সোণ,
মোৰ জীৱনত সকলোৱেই বন্ধু
আশ্বাস দিয়াৰ অমূল্য ৰতন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ