থাকে আবেগ।
নদীৰ পানীৰ যন্ত্ৰণা নিৰবে সহ্য কৰে,
পানীৰ খুন্দাত বাগৰি বাগৰি আহে।
সূৰ্যৰ প্ৰখৰ পোহৰত
বক্ৰপিঠি বোৰ জিলিকে।
কোনোৱাই তাকে দেখি
দুহাত পাতি ধৰে।
নাৱৰীয়াৰ লগত কনমানি টুকুৰাৰ ধেমালি,
বঠাৰ লগত ওমলে দিন-ৰাতি।
এনেকৈ কটায় যায় প্ৰতিটো সময়,
কেতিয়াবা যদি তীব্ৰ বেগী
ঢৌৰ খুন্দাত,
কেতিয়াবা আকৌ বঠাৰ কোবত ।
এনেকৈয়ে চিটিকি থাকে,
নিৰৱে,নিশব্দে।
দুখ সিহঁতৰো লাগে,
চিটিকি পৰাৰ বিষে সিহঁতকো
কোঙা কৰে ,
সেয়ে চাগে পাৰতে ৰৈ উচুপে।
কঠিন শিলৰো হৃদয় থাকে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ