এটি নতুন বাটেৰে -যদুমণি গগৈ

©Admin
0
কাকো নজনোৱাকৈ
আপোনে বাট বুলিছে
এটা নতুন বাটেৰে 

কাৰ্চন চৰাইজনী মৃত্যু
কবিতা লিখি কি বিচাৰিছা
কোনে  জানে   
একো নজনোৱাকৈ বাট বুলিছে
এটা নতুন বাটেৰে 

এজাক সেউজীয়া ৰ'দ 
বিচাৰি বুৰ মাৰিছা সমুদ্ৰত
এখিলা-দুখিলা পাত লুটিয়াই
বাট বুলিছে জীৱন কবিতা
এটা নতুন বাটেৰে 

বৰষুণ এজাকত কবিতাৰ শৰীৰ  তিতিছে
সময় যন্ত্ৰৰ কাঁটা ঘূৰিয়ে আছে
আপুনি বাট বুলিছে
এটা নতুন বাটেৰে ।

✍️যদুমণি গগৈ
গেলেকী (শিৱসাগৰ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)