কেঁচা তেজৰ নৃত্যত কম্পন হয়
মোৰ শৰীৰ ৷
কিয় আহে শীতৰ গধূলি ?
ঢিমিক-ঢামাক জ্বলে এন্ধাৰৰ ৰ’দালি ,
যাউতিযুগীয়া শীতত অগনিৰ ৰিণিকি ৷
নাগিনীৰ নাচোন শীতৰেই চানেকি ,
যেনি চোৱা তেনি শীতৰ ধেমালি ৷
শীত আহে শীত বয় ,
তেজৰ কোঁহে -কোঁহে প্ৰাণক চুমি ফুৰে ৷
বৰ ঘৰৰ অতিথি কিনো পোৱা কিনো লোৱা ?
প্ৰকৃতিত জ্বলিছে ফিৰিঙতিৰ ক’ত জুই ,
প্ৰাচীৰ সাজিছে নাতি দূৰত ৰক্ত
এঙাৰৰ তপ্ত হাতেৰে তোমাক খেদিবলৈ ৷
নাহিবাচোন মোৰ কাষলৈ
তুমি স্পৰ্শ কৰিলে মোৰ শৰীৰত
চেঁচা-চেঁচা শিহৰণ জাগে ৷
তথাপিতো মনে মোৰ তোমাকেই
বিচাৰে ,
ঋতুৰ বেলিকাই পৰিণতিত
শীতকে আহ্বান কৰে ৷
✍️ৰজনী কুমাৰ ডেকা, ৰঙিয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ