ফাগুন আকৌ আহিল -নিবেদিতা দাস কলিতা

©Admin
0
তিনিটা বৰ্ণৰ এক মায়াসনা নাম ফাগুন 
পূৱাৰ কুঁৱলীয়ে লাহে লাহে মেলানি মাগিলে 
চাইৰঙী আকাশলৈ বৈছে 
ধূলিয়ৰি ফাগুনৰ গুঞ্জন 
ফাগুনে আনে সৃষ্টিৰ বতৰা 
দিয়ে সেউজীয়াৰ ঠিকনা ।
ফাগুন !বৰ অভিমানী 
কাৰো কথা নুশুনে 
কৈ যায় মাথোঁ নিজৰ কথা ।
ফাগুন মানেই যে প্ৰেমৰ মিঠা অনুভুতি 
ফাগুন মানেই যে সপোন ।
প্ৰতিটো সৰাপাতে দি যায় 
ফাগুনৰ বতৰা
সৃষ্টি হয় নতুন কবিতাৰ 
 যি কবিতাৰ ৰঙেৰে জীপাল হৈ উঠে 
প্ৰতিখন হৃদয়।
তাতেই প্ৰাণ পাই উঠে 
সৃষ্টিশীল মনৰ অনুৰাগ ।
সেয়েহে সকলোৰে বুকুজুৰি গুঞ্জৰিত হৈ থাকে এক মায়াসনা অনুভৱ 
এক অবুজন শিহৰণ।

✍️নিবেদিতা দাস কলিতা 
নলবাৰী ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)