ফাগুনে ৰং সলায়-ডিম্পী শইকীয়া

©Admin
0
শিমলু জোপাই প্ৰাণ পাইছে,
লঠঙা ডালটোত ৰঙাকৈ ফুলপাহ ফুলিছে!
ফাগুন আহিছে...., 
হৃদয় চুই যোৱা ফাগুন ।
নগ্ন জীৱনৰ বাকৰিত ,
এমুঠি ৰঙা পোৱাৰ হাবিয়াস মোৰো জাগিছে !
কিন্তু এক অজান আশংকাই ,
খেদি ফুৰিছে মোক।
হয়টো সেয়ে মই আজি নীসংগ....।
শাওনৰ পয়াঁলগা বৰষুণ জাকত তিতা ,
আজিও মোৰ মাজে মাজে
অসুখ হয়।
মনৰ অসুখ!
সেয়ে মোৰ ফাগুনলৈয়ো ভয় লাগে।
ফাগুনৰ পছোৱা লাগি,
বনজুই জ্বলিব.…..।
সেই জুঁইত জাঁহ যাবলৈ,
মোৰ ভয় লাগে।
ৰঙাবোৰ হেৰুৱাৰ ভয় !
               
                ✍️ডিম্পী শইকীয়া।
                    পতিয়া গাওঁ, মাজুলী
                     দ্বিতীয় ষান্মাসিক,
                     মাজুলী মহাবিদ্যালয়
                     ( ইতহাস বিভাগ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)