হৃদয় দাপোনত তুমি-শিল্পী দাস

©Admin
0
এদিনাখন,
মোৰ স্নিগ্ধ,ৰিক্ত হৃদয় দাপোনত তুমি আহিছিলা
সুগন্ধি ঋতু শৰতৰ মায়াৱী পত্ৰ লৈ।
মিচিকিয়া হাঁহিৰে মোক ভালপোৱাৰ প্ৰস্তাৱ দিছিলা,
প্ৰভাতৰ এচমকা ৰঙা ৰ'দ হৈ
তেতিয়া,
মোৰ নিস্পৃহ, উদাসীন,অবুজন হৃদয়ৰ শূণ্যতাত
সাগৰৰ ঢৌৰ জোৱাৰ ভাঁটা নামি আহিল।
চাৰিওফালে কেৱল প্ৰেমৰ মধুময় সুৰত,
হৃদয়ৰ শুকুলা শেৱালিৰ কলিটি ফুলি উঠিল।
সিদিনাৰে পৰা,
মোৰ স্ব যতনৰ হৃদয় দাপোনত তুমি
 আহিছিলা নিৰৱে সপোনৰ নায়ক হৈ।
স্বপ্ননগৰীত গৈ অনিদ্ৰাত দেখিছিলো বহু সপোন,
প্ৰতিক্ষণে সজাইছিলোঁ সুখৰ তাজমহল তোমাক লৈ।
তুমিও,
মোৰ কোমল হাঁহিৰে ভৰা মুখখন চাই
পাইছিলা জীৱনৰ সকলো সুখ-শান্তি।
চকুযোৰ মেলি আন্ধাৰৰ নিস্তব্ধতাত কৈছিলা মোক,
তুমিয়েই মোৰ জীৱনৰ পোহৰৰ বন্তি।
কিন্তু,
মোৰ কল্পনাৰ হৃদয় দাপোনত হ'লেও তুমি
লুকাই ৰাখিছিলোঁ ধূসৰ মেঘমল্লিকাৰ আঁৰে আঁৰে।
মিছা হ'লেও স্পষ্টৰে মই কৈছিলো তোমাক,
ভাল নাপাওঁ বিৰুক্তি নকৰিবা মোক বাৰে বাৰে।
হয়,
সি, হৃদয়ৰ দুৱাৰৰ পৰা শৰতৰে মধুময় সন্ধিয়াত
দুপাখি মেলি উৰি গ'ল দূৰন্তলৈ মোৰ পৰা।
মই যে তোমাক সংগোপনে আজিও ভালপাওঁ,
দাপোনৰ কাষত নিস্তব্ধ হৃদয় মোৰ পৰিল ধৰা।
কিন্তু,
মোৰ পৰা চিৰদিনৰ বাবে হেৰুৱাই গ'ল
হ'ল আন কাৰোবাৰ জীৱন সঙ্গীময়।
মোৰ স্বযতনৰ হৃদয় দাপোনত তুমি,
আজিও আছা মোৰ প্ৰথম ভালপোৱা হয়।
তথাপিও,
তুমি আছিলা, আছা আৰু থাকিবা
মোৰ ভালপোৱাৰে সজা হৃদয় দাপোনত।
তুমি নাজানিছিলা,নাজানা,নাজানিবা,
মোৰ হৃদয়ৰ বাৰ্তা তোমাৰ সুখৰ জীৱনত।
                  


     ✍️ শিল্পী দাস
    ভালুকমাৰী ৰাণীপুখুৰী, হোজাই (অসম)
    ছাত্ৰী, বাণিজ্য শাখা
    চতুৰ্থ ষান্মাসিক
    লংকা মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)