ৰক্তবীজ- আব্দুৰ ৰহিম

©Admin
0
সোণাৰাম তেওঁৰ ভঁৰাল ঘৰৰ কাষত থকা ঘৰটোত বহি কাঠি কামীৰ কাম কৰাত ব্যস্ত আছে। ওচৰৰ লিচু গছ  জোপা ত এটা আমৰলি পৰুৱাৰ বাঁহ। ভঁৰাল ঘৰৰ গাধৰিত থকা মৌ মাখিৰ বাকচ টোত কেইটামান মৌ মাখিৰ উৰি বহি আহ যাহ কৰি আছে। ওপৰত মৌ মাখিৰ গুণ গুনকৈ নাচি নাচি উৰি উৰি শূণ্যত এখন চক্ৰ সৃষ্টি কৰিছে। সন্মুখৰ নাৰিকল গছ জোপা টোকোৰা চৰাইৰ বাঁহেৰে ভৰ্তি হৈ আছে। সিহঁতে অনৰ্গল কিছিৰ মিছিৰ গানেৰে কৰ্হাল কৰি আছে পিছ বাৰিৰ কঁঠাল গছ জপাৰ ফেৰেঙনিত এটা বৰ মৌৱে বাঁহ সাজি ভুন ভুণ শব্দেৰে মুখৰিত কৰি তুলিছে। ভঁৰাল ঘৰৰ এটা চুকত মকৰা এটাই জালখন সাজিবলৈ চেষ্টা কৰি আছে। বেৰ খনত কুমাৰণি পোক এটাই বাঁহ টো সাজি আছে। দৃশ্যটো চাই চাই সোণাৰাম এ বাঁহৰ কাঠি দি কঠীয়াৰ দম এটা সাজি আছে। ফাগুন মহীয়া আকাশ খন ডাৱৰেৰে আৱৰা। বৰষুণ এজাক আহিব যেন।
      হঠাৎ ৰাস্তাৰ   মাজেৰে কেইখনমান মিলিটেৰী গাড়ী ঘৰ ঘৰ শব্দেৰে আহি সিহঁতৰ পদূলি মুখত ৰ'ল।
 কলা পোছাক পিন্ধা মুখত কলা কাপোৰেৰে ঢকা কান্ধত এ কে ৪৭ ৰাইফল ধাৰী দুটা অসমীয়া ডেকাৰ  লগত ৪/ ৫ জন মিলিটেৰী নামি আহিল। অসমীয়া ডেকা দুটাক পদূলিত থৈ মিলিটেৰী কেইটা গিৰিপ গাৰাপ খোজেখোজে সোণাৰাম - ৰ চোতালত ভৰি দিলেহি । তেওঁৰ ভঁৰাল ঘৰৰ ফালে সিহঁতে ক'লে - " ইধৰ উলফা কা খাজানা হেই " । কৈ কোৰ কেইখনমান লৈ চোতালখনৰ য'তে ত'তে গাত খান্দিবলৈ ধৰিলে। সোণাৰাম বৰাৰ ডাঙৰ লৰা ছোৱালী দুটা ভিতৰৰ পৰা ওলাই আহিল। দৃশ্য দেখি আটাইকেইটা ভীতি বিহ্বল আৰু হতভম্ব হৈ নিৰ্বাক ভাৱে চোতাল আৰু পদূলিলৈ চাই থাকিল। পদূলি মূৰত ডেকা দুটাক অনুচ্চ স্বৰেৰ কিবা কৈ থকা যেন লাগিল।সোণাৰাম বৰাৰ চকুত দহ বছৰৰ পূৰ্বৰ কেইটামান দৃশ্য চিনেমাৰ পৰ্দাত ভাঁহি অহাৰ দৰে ভাঁহি আহিল - " অসম আন্দোলনৰ ডেকা গাভৰু লৰা বুঢ়া সমন্বিতে শ্লোগান দি দি শোভাযাত্ৰা কৰি যোৱা ......মিলিটেৰী গাড়ীৰ আহ জাহ...... শাৰী শাৰী মিলিটেৰী গাড়ী .... আন্দোলন শোভাযাত্ৰা........পুলিছ মিলিটেৰী .... মানুহৰ সমদল..লাঠীৰ কোব বন্দুকৰ কুন্দাৰ প্ৰহাৰ...... গাঁৱে ভূয়ে মিলিটেৰী সোমাই ডেকা বুঢ়া গাভৰু ছোৱালী বোৱাৰীৰ ওপৰত অত্যাচাৰ....কিছুমান তেজাল ডেকা গাভৰু মুক্তি সংগ্ৰামৰ নামত অৰণ্য বাসি হোৱা..... চুক্তি কৰি অ গ প নামৰ স্থানীয় চৰকাৰ হোৱা .....সৰু পো কুশল নিৰুদ্দেশ হৈ সময়ত আলফা হোৱা.... বচা বচা গাঁৱৰ পৰা ডেকা লৰা ধৰি লৈ গোপন ঠাইত অৱস্থিত সেনা শিবিৰত অত্যাচাৰ কৰা ..... সিৎকাৰ হাহাকাৰ ..... শান্তি স্থাপনৰ নামত এচাম মূলসূতি লোৱা ..... আলফা ছালফাৰ সমাৱেশ ..... জনতাৰ মাজত হাহাকাৰ..... কুশল এদিন উভতি আহিব বুলি বাট চাই থকা........ ।
      সোণাৰাম এটা সময়ত ক্ষোভ আৰু খঙত হাতৰ কটাৰী খনেৰে টম টো ধৰি অথালি পথালিকৈ কাটিবলৈ ধৰিলে ।এটা চিতকাৰ কৰি কবলৈ ধৰিলে -  " ঐ তহঁতে কি চাই আছ? কোৰ এখনেৰে গাত কেইটা পুতি নিদিয় কিয়?"এই বুলি কৈ বুকুত হাত খন দি বহি পৰিল।
      মিলিটেৰী কেইটা পদূলিলৈ যোৱাৰ দৃশ্য চাই চাই পমিলিয়ে ভাবিবলৈ ধৰিলে। তাই কাক বিশ্বাস কৰিব? বন্দুক ধাৰী সেই অসমীয়া ডেকা দুটাক নে অৰণ্যত সোমাই দেশৰ মুক্তিৰ নামত বন্দুক লৈ যুদ্ধ কৰাৰ সংকল্প লৈ থকা ডেকা চামক? হুমুনীয়াহ আৰু আৱেগত কান্দি কান্দি চিঞৰি উঠিল " কুশল তই কত? প্ৰচণ্ড ধুমুহা আৰু ধেৰেকণি গাজনিৰে প্ৰৱল বৃষ্টিপাত হবলৈ ধৰিলে........
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)