ভগ্ন হৃদয়ৰ গল্প -অঞ্জনা শইকীয়া

©Admin
0
আজি ২৩ বহাগ; আজিৰ দিনটোতে নয়না আৰু প্ৰদীপৰ বিয়াৰ দিন ঠিক হৈছিল। সিহঁতৰ সম্পৰ্কটোৰ দহ বছৰীয়া হ'ল। 
          নয়না আৰু প্ৰদীপ একেখন গাঁৱৰে। নয়নাক সি বহুদিনৰ পৰাই ভালপাই কিন্তু তাইৰ পঢ়াত বাধা হয় বুলি ভাবি তাইক কোনোদিনে সেই কথা কোৱা নাছিল। আৰ্থিক অনাটনৰ বাবে নিজৰ সপোন বোৰ আধৰুৱা হৈছিল যদিও একমাত্ৰ ভায়েক আৰু নয়নাৰ জৰিয়তেই সপোনবোৰ বাস্তবায়িত হোৱাটো সি বিচাৰে।
         প্ৰদীপৰ নয়নাৰ প্ৰতি থকা দায়িত্ব সুলভ মন, আন্তৰিকতা,বন্ধুত্ব সুলভ, অভিভাৱকত্বই যেন নয়নাৰ মনটো প্ৰদীপৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল। পুৱা ২-৩ বজাত নয়নাক পঢ়িবলৈ উঠোৱা, ৰাতি কিমান সময়ত পঢ়া শেষ কৰিলে তাক জানিবলৈ উচপিচাই থকা নয়না আৰু প্ৰদীপৰ সম্পৰ্কটোৱে যেন লাহে লাহে নাম পাবলে ধৰিলে।এদিন হঠাৎ নয়নাৰ ফোনৰ ৰিং টনটো বাজি উঠিল। প্ৰদীপৰ নামটো দেখি নয়নাৰ হৃদয় ঘনকৈ স্পন্দিত হবলৈ ধৰিলে।লাহেকৈ ফোনটো ৰিচিভ কৰিলে। প্ৰদীপৰ গহীন আৰু গাম্ভীৰ্যতাৰে পূৰ্ণ মুখ খন দেখিলেই তাই ভয় আৰু লাজে আৱৰি ধৰে,মুখ ফুটাই মাতিয়ে পোৱা নাই কথানো কেনেকৈ পাতিব! ফোনটো ৰিচিভ কৰি একো নমতা দেখি সি মাত লগালে
: নয়না কি কৰিছ?(তাই মৌন হৈ থকা দেখি আকৌ মাতিলে)
: মোলৈ ইমান লাজ ভয় কিহৰ অ '?(তাই পুনৰ নিৰুত্তৰ হৈ ৰোৱা দেখি একেৰাহে কৈ গ'ল)
: আজি পাঁচ বছৰ ধৰি টোক মই ভাল পাই আহিছোঁ কিন্তু তোৰ পঢ়াত কিবা বাধা হয় বুলি টোক কোৱা নাছিলোঁ..কিজানি এই কথা জানি তই মোৰ পৰা আঁতৰি যাৱ ভয় লাগে...।মই জীৱনত বহুতো ঘাট - প্ৰতিঘাট সহ্য কৰিছোঁ, পঢ়াৰ ইচ্ছা মোৰ আছিল কিন্তু পূৰ  নহ'ল,হেই আশা মই তোৰ জৰিয়তে পূৰ হোৱাটো বিচাৰো। তই সফল হ'লেই মোৰো আশা পূৰণ। তই ভালদৰে পঢ়িবি।
: উম....(তাইৰ যেন নতুন কিবা শক্তি পালে ।মনটো ভাল লাগি গ'ল। নতুন উদ্যমেৰে আগবাঢ়ি যাবলৈ তাই প্ৰেৰণা পালে।)
: আৰু  শুন, এতিয়া পঢ়।(এই বুলি ফোনটো কাটি তাই পঢ়িব ধৰিলে।,)
                   পুৱা ২বজাত ফোনটো আকৌ বাজি উঠিল..! সকলো আচৰিত হ'ল..! কাৰ কি হ'ল ইমান ৰাতি ফোন কৰিছে যে।ফোন ৰিচিভ কৰিলত সিফালৰ পৰা ভাঁহি আহিল ' উঠিবৰ হ'ল আৰু মুখ ধুই পঢ়াত লাগ।' এক পক্ষীয় আদেশ যদিও তাইৰ মনটো ভাল লাগি গ'ল।

            এনেদৰে পাঁচ বছৰ উকলিল।নয়না আজি এগৰাকী উচ্চ পদস্থ বিষয়া।এদিন তাইৰ অফিচলৈ প্ৰদীপ আহিল..'may i come in madam'... মাতষাৰ শুনি তাইৰ সৰ্ব শৰীৰ কপি উঠিল।কি আচৰিত এইয়া চোন প্ৰদীপ !তাই থৰহৰি কম্পমান হ'ল। আজি পাঁচ বছৰে তাই যিটো কাৰণত আঁতৰি আছিল তাৰ পৰা আজি তাই জানো হেই কথা লুকুৱাই ৰাখিব পাৰিব? তাইৰ এই সত্য ধাকিবৰ বাবেই গাঁৱৰ মানুহৰ পৰা নিজক আঁতৰাই ৰখিছেহি....সকলোৱে তাইক স্বাৰ্থপৰ অহংকাৰী বুলিয়ে ভাবে আনকি প্ৰদীপেও কিন্তু তাই প্ৰতিবাদ নকৰে। কাৰণ তাই জানে যদি সি তাইৰ সত্য গম পাই তাইৰ সুখৰ বাবে নিজৰ সুখ বোৰ ত্যাগ কৰিব যিটো তাই নিবিচাৰে।
            Madam, madam!! হঠাৎ তাই সম্ভিত ঘূৰাই দুচকুৰ লোতক সামৰি অহংকাৰী সুৰত কৈ উঠিল ' yes please '... সি যেন তাইৰ এই অহংকাৰী মুখ খন সহ্য কৰিব পৰা নাই... দুগুন ঘৃণাৰ ভাবেৰে তাইক তাৰ প্ৰয়োজনীয় কথাবোৰ আলোচনা কৰি thank you বুলি ওলাই যাব খুজুতেই এখন wheel chair লৈ সোমাই অহা কৰ্মচাৰী জনৰ কথা শুনিলে 'madam আপোনাৰ ব্ৰেক time ' তাৰ যেন মূৰত সৰগ ভাগি পৰিল...সি চিঞৰি উঠিল নয়না.....?? হাজাৰ প্ৰশ্ন তাৰ চকুত জিলিকি উঠিছিল যাৰ উত্তৰত নয়নাৰ চকুপানী আৰু....!!!
                সেই নিৰ্জন কোঠাটোত কেৱল প্ৰেম ভালপোৱা মান অভিমান বোৰে অবিৰল গতি কৰি কোঠাটো যেন পোহৰাই তুলিলে...!
    
         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)