আহিছে ফাগুন -পিংকী বৰা

©Admin
0
ধূলি উৰুৱাই   আকৌ আহিব ধৰিছে ফাগুন 
নানা ৰঙেৰে ৰঙিয়াল হৈ পৰিব পুনৰ  প্ৰকৃতিৰ বুকু ! 
মদাৰ , শিমলু ফুলি উঠিব 
লাহে লাহে যেন বসন্তৰো 
আগমন ঘটিব ,
চৌপাশ হৈ পৰিব ৰঙীন 
ফাগুন মানেই যেন সেই দেহ - মন জুৰোৱা বতাহজাক ! 
ফাগুনৰ ফাকুৱায়ো যেন  সকলোৰে জীৱন কৰিব আনন্দময়ী  
আহিছে নতুনত্বৰ বতৰা লৈ 
ফাগুন মাথোঁ ফাগুন
চৌদিশে যেন সৰাপাতৰ বৰষুণ !! 

        ◾ পিংকী বৰা



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)