বিফলতাৰ কাহিনী -ৰেজিনা পাৰবিন

©Admin
0
"সফলতাৰ কাহিনী তুমি নপঢ়িবা
তাত তুমি অকল কাহিনীটোই পাবা
ব্যৰ্থতাৰ কাহিনী পঢ়িবা তেনেহʼলে
সফল হোৱাৰ উপায় পাবা"
                   ----এ পি জে আব্দুল কালাম।
     ১৯৯৪---২০০৫ চনৰে কথা। চাকৰি চাকৰি বুলি নাই বুলিও হেজৰটা সাক্ষাৎকাৰ দিছিল বৰ্তমানৰ প্ৰতিস্থিত ব্যৱসায়ী অম্লান ভূঞাই। এল পি শিক্ষকৰ পৰা কলেজ শিক্ষকলৈ, বিভিন্ন বিভাগৰ প্ৰথম বৰ্গৰ পৰা, চতুৰ্থ বৰ্গলৈ লিখিত প্ৰতিটো পৰীক্ষাতে সুন্দৰ নম্বৰ পোৱা অম্লানে কোনোটো মৌখিক পৰীক্ষাতে উধাব পৰা নাছিল।সুন্দৰ এখন মাৰ্কচিত, এটি ধুনীয়া স্বাস্থ্য আৰু সুন্দৰ ব্যক্তিত্বৰ পিছতো বয়সে ৩৮ ৰ ঘৰ পাৰ হও হও হোৱালৈ এটাও চাকৰি যোগাৰ কৰিব নোৱাৰি হতাশ হৈ পৰিছিল সি । তথাপিও মাৰ্টচিতৰ বলতেই কিবা এটা পামগৈ বুলি ক্ষীণ আশা এটি বুকুত সামৰি তাৰ সৈতে মিলা কিবা বিজ্ঞাপন দেখিলেই আগ্ৰহেৰে আবেদন কৰি আন্তৰিকতাৰে দি যায় ইটোৰ পিছত সিটোকৈ লিখিত ও মৌখিক সাক্ষাৎকাৰবোৰ। বিধিৰ পাকচক্ৰত এবাৰলৈও ভাগ্যৰ দুৱাৰ হ'লে নুখুলিল। 
     
       এবাৰ, দুবাৰ নহয়, একেৰাহে চাৰিবাৰকৈ সমাজ কল্যাণ বিভাগৰ " সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া", "গাণনিক সহায়ক"ৰ লিখিত পৰীক্ষাত সুকলমে উত্তীৰ্ণ হৈ মৌখিক সাক্ষাৎকাৰো দিছিলগৈ খানাপাৰা স্থিত "অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়"ত।
       ২০০৫চনৰে কথা। অসম লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত সেইটোৱেই আছিল অম্লান ভূঞাৰ শেষ সাক্ষাৎকাৰ।অজস্ৰ পৰীক্ষাৰ্থীৰে ঠাহ খাই থকা মবহাবিদ্যালয় চৌহদৰ চোম গছৰ শাৰীবোৰৰ মাজত সজাই থোৱা পকী বেঞ্চবোৰত এবাৰ ইখনত এবাৰ সিখনত বহি বহি পুৱা নবজাৰ পৰা লঘোনে-ভোকে বোন্দাপৰ দিয়াৰ পিছত আবেলি তিনি মান বজাতহে সাক্ষাৎকাৰৰ পাল পৰিছিল তাৰ। এটি বিশেষ বন্ধ কোঠাত চাৰিজন বিশেষ ব্যক্তিৰ সন্মুখত উপস্থিত হৈছিল অম্লান। অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী অম্লানৰ নথি-পত্ৰবোৰ নোচোৱাকৈয়ে শিক্ষাগত অৰ্হতা কিমান সুধিয়েই এজনে প্ৰশ্ন কৰিছিল-----বিনিময় প্ৰথা বৰ্তমানেও প্ৰচলিত থকা এখন ঠাইৰ লগতে এটা উৎসৱৰ নাম কোৱা ? 
     জিহ্বাৰ আগতেই থকা উত্তৰটো বিনম্ৰতাৰে দিছিল মৰিগাঁও জিলা। মৰিগাঁও জিলাৰ জোনবিলৰ পাৰত অনুষ্ঠিত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ স্বাক্ষৰ বহন কৰা জোনবিল মেলাখনত সকলোবোৰ লেল-দেন বিনিময়ৰ যোগেদিয়েই স‍ঘটিত হয়। 
    " সুন্দৰ,হৈ গ'ল, এতিয়া যাব পাৰা" বুলি এজনে কোৱাত আলফুলে হাতত লৈ যোৱা শিক্ষাগত অৰ্হতাৰ বন্ধ ফাইলটোলৈ নিজেই এবাৰ চকু ফুৰালে অম্লানে।। ফাইলটোলৈ এবাৰো কাৰো আগ্ৰহ নোহোৱাত অম্লানৰ বুজিবলৈ বাকী নাথাকিল সাক্ষাৎকাৰৰ নামত সাধাৰণ লোকক আভুৱা ভাৰিবলৈয়ে চৰকাৰে প্ৰায় এমাহ ধৰি পতা সাক্ষাৎকাৰৰ মেলাখনত যে তাৰ দৰে লোকৰ কোনো মূল্য নাই। 
     বিষণ্ণ মনেৰে দীঘল পথছোৱাৰে মূল পথলৈ ওভতনি গতি কৰিলে অম্লানে। ইমান পৰে এই ভিতৰলৈ মাতিব এই ভিতৰলৈ মাতিব বুলি ৰৈ থাকোঁতে ভোক-পিয়াহৰ কথা পাহৰি থকা অম্লানৰ পেটটোৱে প্ৰচণ্ড ভোকত কলমলাবলৈ ধৰাতহে অনুভৱ হ'ল সাক্ষাৎকাৰৰ সময়মতে পাবলৈ দোকমোকালিতে উঠি মাকে আথৌ-পিথৌকৈ সজাই দিয়া থালখনৰ সি নাকে মুখে গুজি অহা ভাত কেইটা হজম হ'ল। পেটে নুবুজে হাতত টকা আছে নে নাই? মনতে হিচাপ কৰি ভাতৰ বাবে মিলিব যেন লগাত ৪০নং গুৱাহাটী-ছিলং ৰাষ্ট্ৰীয় ঘাঁই পথৰ দাঁতিতে থকা এখন সৰু অথচ পৰিপাটি হোটেলত চকু পৰাত অম্লান সোমাই গ'ল হোটেলখনলৈ। সময় প্ৰায় আবেলি চাৰি বাজো বাজো হৈছিল । যদিও দুপৰীয়াৰ ভাত খোৱাৰ সময় উকলি গৈছিল তেতিয়াও বহুলোকে ভাত খায়েই আছিল। বহিবলৈ আসন নথকাত কিছুপৰ মেনেজাৰৰ ওচৰতে ৰৈ দুই- এটা কথা পতাৰ লগতে চকু ফুৰাইছিল হোষ্টেল খনৰ পৰিবেশত। সুন্দৰ পৰিষ্কাৰ,পৰিপাটি হোটেল খনৰ ৱালত বন্ধাই থোৱা সুন্দৰ, সুন্দৰ মহৎ বাণীবোৰৰ পৰা হোটেলৰ মালিকৰ সুন্দৰ ৰুচিবোধৰ উমান পাইছিল সি। হঠাতে এটা বিশেষ বাণীয়ে মন চুলে অম্লানৰ----
     
     "সফলতাৰ কাহিনী তুমি নপঢ়িবা
     তাত তুমি অকল কাহিনীটোই পাবা
     ব্যৰ্থতাৰ কাহিনী পঢ়িবা তেনেহʼলে
     সফল হোৱাৰ উপায় পাবা"
                  ---এ পি জে আব্দুল কালাম।
     আপুনি বাৰু এই হোটেল খনৰ মালিক নে মেনেজাৰ? হঠাতে অম্লানৰ প্ৰশ্নত মেনেজাৰৰ আসনত বহি থকাজনে সামান্য হাঁহি উত্তৰ দিছিল দুয়োটাই বুলিব পাৰে।
     আপুনি কিমানলৈ পঢ়িছিল? অম্লানৰ কৌতুহলত তেওঁ পুনৰ হাঁহি কৈছিল,জানিনো কি হ'ব? কিবা চাকৰি-তাকৰি দিবা নেকি,চাকৰিৰ বয়স উকলিল। আজিকালি হাতত মোটা অংক নাথাকিলে তোমাৰ শিক্ষাগত অৰ্হতাৰ কোনো মূল্য নাই অ'বোপাই। যা হওঁক সেই ৯০ চনতেই গণিত বিষয়ত স্নাতক হৈয়ো আৰ্থিক অনাটনৰ বাবে আগলৈ নপঢ়ি তোমাৰ দৰেই চাকৰিৰ পিছত ঘূৰি ঘূৰি বহু মূল্যৱান সময় নষ্ট কৰিছিলোঁ। বছৰেকত নাই বুলিও দহ/পোন্ধৰটা সাক্ষাৎকাৰ এইখন কলেজতেই দিছিলোঁ। প্ৰায় একেখিনি মানুহকে লগ পাওঁ প্ৰতিবাৰত।মাজে মাজে কিছু কিছু নতুন নতুন সংযোজন হয়, কেইজনমান বিয়োগ হয়। বাৰে বাৰে নতুন আশা এইবাৰ পামেই, কিন্তু প্ৰতিবাৰেই বিফল। বছৰৰ প্ৰায় নমাহে বিভিন্ন বিভাগৰ সাক্ষাৎকাৰৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ অজস্ৰ প্ৰাৰ্থীয়ে ভিৰ কৰেহি এই ঠাইখনত। হাতত ধন থাকক বা নাথাকক , পেটে সময়ত মাতিবই আৰু যেনেকৈয়ে নহওক পেট তুষ্ট কৰিবই লাগিব।পেট তুষ্ট কৰিলেহে ভগবান তুষ্ট। প্ৰতিবাৰে একেই ঘটনা। এটা সময়ত দিনটোৰ দুখ-ভাগৰবোৰৰ অন্তত হোটেলতে এমুঠি খাই বিষণ্ণ মনেৰে ঘৰলৈ ওভতো। মৌখিক সাক্ষাৎকাৰৰ নামত সোধা প্ৰশ্নবোৰৰ ধৰণৰ পৰা পিছলৈ বুজি পোৱা হʼলো চাকৰিৰ বৃহৎ বজাৰখনত আমাৰ দৰে সম্বলহীনৰ চাহিদাৰ কোনো অৰ্থ নাই। কিয়নো চাহিদা কৰিবলৈ হ'লে আমৰটো সম্বলো থাকিব লাগিব ন? তেতিয়াই মনলৈ আহিছিল এই ঠাইখনৰ হোটেল ব্যৱসায়লৈ। মনত নতুন চিন্তা লৈ ঘৰলৈ উভতি গʼলো। দেউতাক সকলো বুজাই কোৱাৰ পিছত দেউতাও মান্তি হ'ল। গাঁৱৰে দুজনমানক লগত লৈ সৰুকৈ আৰম্ভ কৰিলোঁ এখন হোটেল। এবছৰৰ ভিতৰতে মই সম্পূৰ্ণ স্বাৱলম্বী হোৱাৰ লগতে প্ৰায় দহজনক সংস্থাপন দিলোঁ। বৰ্তমানেও দহটা পৰিয়ালক পুহি থকাৰ লগতে এটা প্ৰথম শ্ৰেণীৰ চাকৰিৰ চাহিদা পূৰণ কৰিবলৈয়ো উপযুক্ত হৈ উঠিলো যদিও ব্যৱসায় কৰি সুকীয়া মাদকতা আৰু সম্পূৰ্ণ স্বাধীনতা পোৱাত চাকৰিৰ ধাৰণা মনৰ পৰা সম্পূৰ্ণ বাদ পৰিল। মোৰ সাক্ষাৎকাৰ লোৱা বহু অভিজ্ঞ ব্যক্তিৰ লগতো এতিয়া মোৰ ঘনিষ্ঠ সম্পৰ্ক যদিও চাকৰি সংক্ৰান্তীয় কথাবোৰৰ পৰা মই সম্পূৰ্ণ আঁতৰি থাকোঁ।
     আসন খালী হোৱাত খৰধৰকৈ ভাত কেইটা খাই মেনেজাৰ ও মালিকক মাত লগাই ওভতনি যাত্ৰা কৰিলে অম্লানে। গোটেই পথছোৱা মালিকৰ কথাবোৰ আৰু কালাম ছাৰৰ মহৎ বাণীটোৱে অম্লানৰ মনত খুন্দিয়াই থাকিল।
      নিশাই মাক- দেউতাকৰ লগত কথাবোৰ আলোচনা কৰিলে অম্লানে। পিছদিনাৰ পৰাই হাতে-কামে লাগিল। ঘৰৰ মাটিডৰাতে আৰম্ভ কৰিলে বিজ্ঞান সন্মত কৃষি। চʼত মাহ পৰিলেই ঘৰৰ সৰু পুখুৰীটোকে প্ৰথমে কিছু ডাঙৰ আৰু দকৈ খন্দাৰ চিন্তা চৰ্চা কৰিলে। মাকে ঘৰুৱা চাহিদা পূৰাবলৈ পোহা হাঁহ,পাৰ,ছাগলী কেইটাৰ লগতে নতুনকৈ কেইটামান সংযোগ কৰি সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত কৰিবলৈ একাণপটীয়াকৈ লাগিল । প্ৰায় ছমাহৰ ভিতৰতে জাকত- জিলিকা হ'ল অম্লানৰ ব্যৱসায়। পিছলৈ উভতি চাব লগা নহ'ল সি। কৃষি ফাৰ্মখন অকল ধান-মাহ,হাঁহ-পাৰ ছাগলীতেই সীমাৱদ্ধ নাৰাখি বঢ়োৱাৰ চেষ্টা কৰিলে।অম্লানক দেখি গাঁৱৰে ডেকাবোৰো আগবাঢ়ি আহিল। পিছলৈ চন পৰি থকা মাটিবোৰ লিজত লৈ অম্লানে আগবঢ়াই নিলে তাৰ ব্যৱসায়। অনেক বাধাও নহা নহয় তাৰ যাত্ৰাপথত। কিমান যে ককৰ্থনা শুনিছিল "খেতিয়ক হ'বলৈহে গাঠিৰ ধন ভাঙিছিল নে" আৰু কত কি? কিন্তু কালাম ছাৰৰ বাণীয়ে তাৰ প্ৰতিটো বাধাতে মহৌষধ হিচাপে কাম কৰাত সি হেলাৰঙে অতিক্ৰম কৰিছিল বাধাবোৰ। দিন বাগৰাৰ লগে লগে মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় প্ৰায় সকলোবোৰ কৃষিজাত সামগ্ৰী অম্লানৰ ফাৰ্মত উপলব্ধ হ'ল। আনকি অকল অসমতে নহয় ভাৰতৰ বাহিৰৰো বিভিন্ন ঠাইৰ চাহিদা পূৰণেৰে কৃষিৰ বৃহৎ বজাৰ এখনো দখল কৰিবলৈ সক্ষম হৈছে অম্লানৰ উৎপাদিত সামগ্ৰীয়ে। এসময়ত চাকৰিৰ পিছে পিছে ঘূৰি হাবাথুৰি খোৱা অম্লানৰ ফাৰ্মলৈ কাম বিচাৰি বা পৰামৰ্শ বিচাৰি নিতৌ বহুলোক আহে ।পাৰ্য্যমানে অম্লানে সহায় কৰে সকলোকে। প্ৰত্যেক্ষভাৱে প্ৰায় পাঁচ শ লোক অম্লানৰ ব্যৱসায়ত জড়িত থকাৰ বিপৰীতে পৰোক্ষভাৱে কিমান লোক জড়িত হৈ আছে তাৰ হিচাপ অম্লানৰ ওচৰত নাই।
      এসময়ত কেইবাবাৰো গ্ৰাম সেৱক পদৰ বাবে সাক্ষাৎকাৰ দিয়া অম্লানৰ ফাৰ্মখনলৈ বিভিন্ন কৃষি বিষয়া আৰু গ্ৰামসেৱকেও তাত-বাতি কাঢ়ে বিভিন্ন কামত । যোৱা বেলি আদৰ্শ কৃষকৰ "অসম গৌৰৱ" বঁটাও পাবলৈ সক্ষম হৈছে সি। 
      
     নৱপ্ৰজন্মক উৎসাহ যোগোৱাৰ বাবে বিভিন্ন সভা-সমিতিলৈ অম্লান প্ৰায়েই আমন্ত্ৰিত হয় আৰু অম্লানে তাৰ প্ৰতিটো ভাষণতে নৱ প্ৰজন্মক উদ্দেশি উল্লেখ কৰে তাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হিচাপে পৰিগণিত "মিছাইল মানৱ খ্যাত ডঃ এ পি জে আব্দুল কালাম" ছাৰৰ মহৎ বাণীটো---
   
     " সফলতাৰ কাহিনী তুমি নপঢ়িবা,
        তাত অকল কাহিনীটোই পাবা,
         ব্যৰ্থতাৰ কাহিনী পঢিবা তেনেহʼলে
          সফল হোৱাৰ উপায় পাবা।"
 
    ভাষণৰ অন্তত জাউৰিয়ে জাউৰিয়ে পৰা হাত চাপৰিয়ে অম্লানৰ উদ্যাম দুগুণে বৃদ্ধি কৰে আৰু আনন্দতে ভৰি আহে তাৰ চকুৰ দুয়ো কোণ।

✍️ৰেজিনা পাৰবিন।
বাইহাটা কমলপুৰ কামৰূপ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)