পগলা নাছিলোঁ মই কোনো কালে-অঞ্জনা শইকীয়া

©Admin
0
পগলা নাছিলোঁ মই কোনো কালে ! 
ভাল পাব শিকিছিলোঁ, 
ভাল পাব জানিছিলোঁ মই সকলোবোৰ ত্যাগ কৰিছিলোঁ 
খং, অভিমান, ইচ্ছা-আকাংক্ষা ?
 কেৱল সকলোকে মৰম বিলাইছিলোঁ অবিৰাম...!
কিন্তু ?
মই যে এতিয়া পাগল 
সকলোৱে মোক এতিয়া হাঁহে
এই বলিয়া নাহিবি নাহিবি গুছি যা ! গুছি যা !
এতিয়া যে  সকলোৱে ঘৃণা কৰে
মোৰ বেশ-ভোষা দেখি !
তাচ্ছিল্যতাৰে দলিয়াই দিয়া শিল,ইটা মাটি চপৰাৰ আঘাতত
ক্ষয় গৈছিল ৰক্ত শৰীৰৰ!
তথাপিতো মই আৰ্তনাদ নকৰোঁ 
নকৰোঁ মই কোনো প্ৰতিবাদ
কাৰণ মোহ মায়া মই তেতিয়াই ত্যাগিছিলোঁ
যেতিয়া মই ভাল পাব শিকিছিলোঁ
কিন্তু.... এতিয়া যে মই পথচাৰী
আপোন মানুহবোৰৰ লাঞ্ছনা-গঞ্জনাই 
মোক এতিয়া পগলা সজালে !
পগলা মই নাছিলোঁ কোনো কালে....!

        *অঞ্জনা শইকীয়া*
              *টিয়ক*

পগলা নাছিলোঁ মই কোনো কালে ! 
ভাল পাব শিকিছিলোঁ, 
ভাল পাব জানিছিলোঁ মই সকলোবোৰ ত্যাগ কৰিছিলোঁ 
খং, অভিমান, ইচ্ছা-আকাংক্ষা ?
 কেৱল সকলোকে মৰম বিলাইছিলোঁ অবিৰাম...!
কিন্তু ?
মই যে এতিয়া পাগল 
সকলোৱে মোক এতিয়া হাঁহে
এই বলিয়া নাহিবি নাহিবি গুছি যা ! গুছি যা !
এতিয়া যে  সকলোৱে ঘৃণা কৰে
মোৰ বেশ-ভোষা দেখি !
তাচ্ছিল্যতাৰে দলিয়াই দিয়া শিল,ইটা মাটি চপৰাৰ আঘাতত
ক্ষয় গৈছিল ৰক্ত শৰীৰৰ!
তথাপিতো মই আৰ্তনাদ নকৰোঁ 
নকৰোঁ মই কোনো প্ৰতিবাদ
কাৰণ মোহ মায়া মই তেতিয়াই ত্যাগিছিলোঁ
যেতিয়া মই ভাল পাব শিকিছিলোঁ
কিন্তু.... এতিয়া যে মই পথচাৰী
আপোন মানুহবোৰৰ লাঞ্ছনা-গঞ্জনাই 
মোক এতিয়া পগলা সজালে !
পগলা মই নাছিলোঁ কোনো কালে....!

        🔴অঞ্জনা শইকীয়া
              টিয়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)