অগ্নিৰ ডেউকা - দিপশিখা ৰাজকোঁৱৰ

©Admin
0
নমস্কাৰ, মই শেষতীয়াকৈ অধ্যয়ন কৰা এখন গ্ৰন্থৰ ওপৰত গ্ৰন্থ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ভাৰতৰ মিছাইল মানৱ ড° আবুল পকিৰ জয়নালআবেদীন আব্দুল কালাম, চমুকৈ ড° এ পি জে আব্দুল কালামৰ বৰ্ণাঢ্য আত্মকথা।অৰুণ তেৱাৰীৰ সহযোগত ৰচিত এই জীৱন চৰিত প্ৰথম প্ৰকাশ পায় ১৯৯৯ চনত। এতিয়ালৈকে এঘাৰটা সংস্কৰণ প্ৰকাশ পোৱা গ্ৰন্থখন ইতিমধ্যে তামিল, মালয়ালম, হিন্দী আদি কেইবাটাও ভাষালৈ অনুদিত হৈছে। ভাৰতৰ উপগ্ৰহ উৎক্ষেপণৰ প্ৰবাদ পুৰুষ ড° কালামৰ আত্মকথাখনত তেখেতৰ বাল্যকাল, ছাত্ৰজীৱন, আৰু কৰ্মজীৱন- উপগ্ৰহ উৎক্ষেপণত তেখেতৰ আত্মনিয়োগৰ কাহিনী আদি সন্নিবিষ্ট হৈছে। এগৰাকী কবি, জীৱনৰ বিলাস - বৈভৱ আৰু বিষয় - বাসনাৰ প্ৰতি বীতস্পৃহ,কোবিদ বিজ্ঞানীগৰাকীৰ প্ৰজ্ঞা মনীষা আৰু এজন মহান স্বপ্নদ্ৰষ্টাৰ আত্মোপব্ধিৰ কাহিনী গ্ৰন্থখনৰ শব্দ - শিল্পৰ মাজেদি বাংময় হৈ উঠিছে।"পিতৃদেৱো  ভৱ,মাতৃদেৱো ভৱ, আচাৰ্যদেৱো ভৱ, অতিথিদেৱো ভৱ "- ( তৈত্তিৰীয় উপনিষদ) এনে মহান উপনিষদীয় পৰম্পৰাগৰে সম্পৃক্ত ড° কালামৰ জীৱন। জীৱনৰ অলেখ খলা বমা আৰু ঘাত প্ৰতিঘাত অতিক্ৰমি আহি সদ্যহতে সফলতা আৰু উন্নতিৰ শীৰ্ষত সমাসীন হোৱা এই অদ্বিতীয় মহাকাশ বিজ্ঞানী গৰাকীৰ বৈচিত্ৰ্য পূৰ্ণ জীৱন চৰ্যা হৃদয়েৰে অনুধাৱন কৰি আমি সমৃদ্ধ হ'ব পাৰোঁ।
          ইমানখিনি শুনাৰ পিছত হয়তো আপোনালোকৰ  গ্ৰন্থখনৰ নামটো জানিবলৈ মন গৈছে।
          গ্ৰন্থখন হৈছে ড° এ পি জে আব্দুল কালামৰ আত্মকথা " অগ্নিৰ ডেউকা" । গ্ৰন্থখনৰ সহযোগী লেখক - অৰুণ তেৱাৰী আৰু গ্ৰন্থখন অনুবাদ কৰিছে সুৰেশ শৰ্মাই।
                        অগ্নিৰ ডেউকা এখন অগতানুগতিক আত্মজীৱনী। অগ্নিৰ ডেউকা এক সাৰ্থক আৰু অনুপম সৃষ্টি- এগৰাকী মহান স্বপ্নদ্ৰষ্টাৰ আত্মানুসন্ধান: সুখে দুখে অহৰহ নিজ ঠাই খনৰ পুৰুষ - প্ৰকৃতি,আকাশ - বায়ু ,পানী আৰু কেঁচা মাটিৰ গোন্ধ কঢ়িয়াই লৈ ফুৰা জীৱন্ত কাহিনীৰ বাহুল্যবৰ্জিত এক অনুকৰণীয় পশ্চাদৱলোকন।ই এক - intensely human document," a warm and intensely personal deeply passionate story of a common boatowner's son who has become India's most distinguished living technorat •••••• the book is "all - kalam; in feel......"
                                     এই গ্ৰন্থখন অধ্যয়ন কৰি মোৰ বহুত ভাল লাগিল।ড° কালামৰ স্নেহধন্য অগণন দুখীয়া - নিচলা ভাৰতীয় মানুহৰ স্বাৰ্থত এই কিতাপখন লিখা হৈছে।ড° কালামো সেই দুখীয়া দৰিদ্ৰৰ মাজৰে এজন।সৰলতা আৰু জন্মগত সাত্বিক গুণৰ বাবেই তেওঁ দেশৰ হোজা আৰু নিঃকিন জনগণৰ প্ৰতি অহৰহ এক আত্মিক টান অনুভৱ কৰে।
                                     
স্তৱক
                                   
১/ মানুহ যেতিয়া অকলশৰীয়া হয় তেতিয়া তেওঁ সংগী বিচৰা আৰম্ভ কৰে - এইটো স্বাভাৱিক কথা।আলৈ আহুকালত পৰিলেও মানুহে কাৰোবাৰ সহায় বিচাৰে।বাৰে বাৰে মনোকষ্ট দিয়া ক্ৰোধ,বাসনা বা আকাংক্ষাৰ ক্ষেত্ৰত নিজৰ বিশেষ সহায়কাৰী ওলায়।কিয়নো বিপদত পৰি যিবোৰ মানুহ মোৰ ওচৰলৈ আহে, তেওঁলোকৰেই প্ৰাৰ্থনা আৰু নৈবেদ্যৰ দ্বাৰা দানৱীয় শক্তিক পৰাভূত কৰা প্ৰচেষ্টাত মই মাত্ৰ এজন মধ্যস্থতাকাৰীৰ ভূমিকাহে লওঁ। অৱশ্যে এইটো সঠিক পথ নহয় আৰু সেই পন্থা লোৱাটোও অনুচিত।
২/ প্ৰাৰ্থনাৰ এটা প্ৰধান কাম হ'ল মানুহৰ ভিতৰত নতুন নতুন সৃষ্টিশীল বিচাৰ শক্তিৰ উৎপন্ন কৰা।সফল জীৱন যাপনৰ বাবে লগা সকলো সম্পদ মনৰ ভিতৰতে থাকে।বিচাৰধাৰা চেতনাৰ মাজতেই বিদ্যমান এই বিচাৰ ধাৰাক মুক্ত কৰি দি বিকশিত আৰু সাকাৰ হোৱাৰ সুবিধা দিলে ই সফল কাৰ্য সম্পাদনত সহায় কৰে। আমাৰ সৃষ্টিকৰ্তা ভগৱানে আমাৰ মন আৰু ব্যক্তিত্বত অশেষ শক্তি আৰু সামৰ্থ্য দিছে। প্ৰাৰ্থনাৰ জৰিয়তে আমি সেইবোৰৰ বিকাশ সাধন কৰিব পাৰোঁ।
গ্ৰন্থখনত কালামৰ দেউতাকে কোৱা কথা এষাৰ সন্নিৱিষ্ট কৰিছে -" যিয়ে আনক বুজি পায় তেওঁ বিদ্বান, আনহাতে যিয়ে নিজক বুজি পায় তেওঁহে প্ৰকৃত জ্ঞানী। জ্ঞানীবিহীন শিক্ষা কোনো কামত নাহে।
৩/ বিচাৰ বুদ্ধি থকা মানুহে নিজকে পৃথিৱীখনৰ লগত অভ্যস্ত কৰি লয়। যিবিলাকৰ বিচাৰ বুদ্ধি নাই সেই এমুঠিমান মানুহেহে পৃথিৱীখনক নিজৰ অনুকূলে বনাব বিচাৰি থাকে। পৃথিৱীখনৰ সমস্ত উন্নতি এই বিচাৰ - বিবেচনাহীন মানুহখিনিৰ ওপৰত, তেওঁলোকৰ, উদ্ভাৱনমূলক আৰু বিধৰ্মী কাম কাজৰ ওপৰত নিৰ্ভৰশীল।
          এই গ্ৰন্থখন সকলোৱে অধ্যয়ন কৰিব বুলি আশা ৰাখিলোঁ।
          সদৌশেষত এটি বাণীৰে সামৰিব বিচাৰিছোঁ-"সোণৰ ওজনৰ সমানেই এখন মূল্যৱান গ্ৰন্থ"- ভৱানীপ্ৰসাদ চট্টোপাধ্যায়।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)