ভেলেন্টাইন ডে - প্ৰেমৰ দিন-দীপিকা দাস সৰকাৰ

©Admin
0
প্ৰতি বছৰে ১৪ ফ্ৰেব্ৰুৱাৰী দিনটো বিশ্বজুৰি পালিত হয় ভেলেন্টাইন ডে অৰ্থাৎ প্ৰেমৰ দিন হিচাপে। এই দিনটো সাম্প্ৰতিক কালত কেৱলমাত্ৰ প্ৰেমিক - প্ৰেমিকা আৰু দম্পতী সকলৰ দিন বুলি বহুতৰে ধাৰণা। এই ধাৰণা সত্য নহয়। আচলতে প্ৰেম জীৱনৰ মধুৰতম সেউজ অনুভূতি। প্ৰেম স্বৰ্গীয় , শাশ্বত। মানৱ জীৱনৰ মূল চালিকাশক্তি হৈছে  এই প্ৰেম। ফৰাচী লেখক ষ্টাভালে কৈছে -  ' love is the miracle of civilization ' .  প্ৰেম প্ৰকৃততে কোনো পৰিসৰৰ মাজত আৱদ্ধ নাথাকে। ইয়াৰ পৰিসৰ ব্যাপক। সেয়েহে আমি মাতৃপ্ৰেম , ভাতৃপ্ৰেম , স্বদেশ প্ৰেম , বন্ধুপ্ৰেম আদি প্ৰেমৰ বিভিন্ন ৰূপ দেখিবলৈ পাওঁ। প্ৰকৃতাৰ্থত নিজৰ প্ৰিয়জনক এই পৱিত্ৰ প্ৰেমৰ দিনটোত প্ৰেম- প্ৰীতি - ভালপোৱা আৰু শুভেচ্ছা যঁচা হয়। এই প্ৰিয়জন তেওঁলোকৰ পৰিয়ালৰ সদস্য ও হ'ব পাৰে, ভাই- ভনী, বন্ধু বা আন আন ব্যক্তিও হ'ব পাৰে। প্ৰেম প্ৰকৃততে সৃষ্টিৰ আদিম অৱস্থাৰে পৰা জীৱজগতক আবৃত কৰি ৰখা ‌এক অদৃশ্য বান্ধোন। ই পৃথিৱীৰ সৰ্বাতোকৈ প্ৰাচীন আৰু আটাইতকৈ মধুৰতম অনুভূতি। প্ৰেমৰ কোনো ঋতু নাই , সময় নাই , এই অনুভূতিৰ পৃথিৱীখনত  হৃদয়ৰ সৰ্বোত্তম মানৱিক অনুভৱ মানেই প্ৰেম। হৃদয়ত সৰ্বপ্ৰথম প্ৰেমৰ প্ৰতিধ্বনি কেনেকৈ প্ৰতিধ্বনিত হৈছিল সেয়া অজ্ঞাত ইতিহাসৰ হয়তো নিৰ্বাক পৃষ্ঠা। প্ৰেমৰ আছে এনে এক ঐশ্বৰিক তথা মোহিনী শক্তি , যি শক্তিৰ ফলত সৃষ্টি হোৱা দূৰন্ত সাহসে সংশয় অতিক্ৰম কৰি মানৱ সমাজত জগাই তোলে জীৱন উন্মেষণৰ দূৰন্ত আকাংক্ষা।কবিয়েও গাইছে  , "প্ৰেমত ঘূৰিছে ভূ-মণ্ডল , প্ৰেমত ফুলিছে শতদল " । কবিগুৰু ৰবীন্দ্ৰনাথে কৈছিল - ' পৃথিৱীৰ ভয়ক যদি কোনোবাই সম্পূৰ্ণ ৰূপে অতিক্ৰম কৰিব পাৰে, মৃত্যুক উপেক্ষা কৰিব পাৰে, তেন্তে সেয়াই প্ৰেম।' কিন্তু প্ৰকৃততে আমি জানো প্ৰেমৰ এনে স্বৰূপ দেখা পাইছোঁ ? প্ৰেমৰ গৰাখহনীয়াৰ ছবিখনেই চকুত অগা-দেৱা কৰে সততে।এই গৰাখহনীয়া ৰোধ কৰাৰ সময় আহি পৰিছে আমাৰ।
       প্ৰেমৰ দিন অৰ্থাৎ ভেলেনটাইনডেৰ আৰম্ভণিৰ স'তে অৱশ্যে জড়িত হৈ আছে প্ৰেমৰ প্ৰত্যাখ্যান, বন্দীত্বৰ ইতিহাস হে। তৃতীয় শতাব্দীত ৰোমৰ বাসিন্দা, পুৰোহিত আৰু চিকিৎসক চেন্ট ভেলেন্টাইনৰ আত্মত্যাগৰ সোঁৱৰণত *ভেলেন্টাইন ডে* উদ্ যাপিত হৈছিল । ৰোমান সম্ৰাট দ্বিতীয় ক্লডিয়াছে নিজৰ সৈন্যবাহিনীৰ যুৱ সৈন্য বিলাকক বিবাহ পাশত আবদ্ধ হোৱা আৰু প্ৰেমত পৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল - বিবাহিত সৈনিক সকলৰ তুলনাত অবিবাহিত সৈনিক সকল বেছি দক্ষ। এই বিশ্বাসৰ বশবৰ্তী হৈ নিজ স্বাৰ্থ সিদ্ধিৰ হকে তেওঁ এখন আইন প্ৰণয়ন কৰিলে । তেওঁৰ আইন অনুযায়ী সৈন্য- বাহিনীৰ অন্তৰ্গত যুৱক সকল বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব। এই আইনৰ বিৰুদ্ধাচৰণ কৰিছিল ৰোম সাম্ৰাজ্যৰ চেন্ট ভেলেন্টাইনে আৰু সেয়ে তেওঁ বিবাহোপযুক্ত ইচ্ছুক বহু যুৱকক গোপনে বিয়া পাতি দিছিল আৰু আন আন যুৱককো প্ৰেমৰ ক্ষেত্ৰত উৎসাহ প্ৰদান কৰিছিল। এই কথা জানি ৰোমান সম্ৰাট ক্লডিয়াছে ২৭০ খৃষ্টাব্দৰ ১৪ ফ্ৰেব্ৰুৱাৰীৰ দিনটোত চেন্ট ভেলেন্টাইনক মৃত্যু দণ্ড বিহিছিল। প্ৰেমৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা চেন্ট ভেলেন্টাইনৰ আত্মত্যাগৰ স্বীকৃতি স্বৰূপে প্ৰথম পোপ গেলাচিয়াছে ৪৯৬ খ্ৰীঃৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটো ভেলেন্টাইন ডে অৰ্থাৎ প্ৰেমৰ দিন হিচাপে ঘোষণা কৰিলে।                
             কালক্ৰমত  'ভেলেন্টাইন ডে ' এই দিৱসটিৰ গুৰুত্ব ইমানেই বৃদ্ধি পালে যে বিশ্বৰ বিভিন্ন দেশত  ১৪ফেব্ৰুৱাৰী দিনটো  প্ৰেমৰ দিন ৰূপে পালিত হ'বলৈ ধৰিলে। বিশেষকৈ যুৱপ্ৰজন্ম ই  ভেলেন্টাইন ডে দিনটোৰ প্ৰতি ইমানেই আগ্ৰহী হৈ পৰিল , যাৰ ফলত ফেব্ৰুৱাৰী মাহটোৰ প্ৰতিটো দিনেই যেন প্ৰেমৰ দিন ৰূপে ঘোষিত হ'ল । ' ফ্ৰান্সৰ যুৱকসকলে এই দিনটোত তেওঁলোকৰ প্ৰিয় যুৱতীগৰাকীৰ নামটো এডোখৰ কাগজত লিখি জেপত ভৰাই থয়।ডেনমাৰ্কৰ জনসাধাৰণে এই দিনটোত বন্ধুবৰ্গৰ মাজত স্ন' - ড্ৰপচ্ নামৰ বগা ফুল এবিধ বিনিময় কৰি ভেলেন্টাইন ডে পালন কৰে। কানাডা আৰু ইংলণ্ডত এই উৎসৱটিত আলোচনীৰ চিত্ৰ কাটি তৈয়াৰ কৰা কাৰ্ড আৰু কাগজৰ পুতলাই প্ৰধান উপহাৰ।' 
                আমাৰ অসমতো ভেলেন্টাইন
                ডে ৰ  নাম - গোন্ধ নুশুনা পশ্চিমৰ এই বতাহ জাকে ব্যাপক প্ৰসাৰ লাভ কৰি ব'হাগত কপৌফুলেৰে মৰম যচা অসমীয়া নৱপ্ৰজন্ম ই আৰম্ভ কৰিছে প্ৰেমৰ নতুন অন্বেষণ। প্ৰচাৰ মাধ্যম যোগে  বহুজাতিক কোম্পানীসমূহৰ ৰংচঙীয়া প্ৰচাৰৰ বলি হৈ নিজকে ' কালজয়ী প্ৰেমিক ' সজোৱা বহুতেই  নাজানে পৱিত্ৰ দিনটোৰ তাৎপৰ্য। ৰাতি দুপৰ নিশালৈ কোনো অভিজাত হোটেল বা ৰেস্তোৰাঁ ত কটাই নিজৰ চৰিত্ৰক জলাঞ্জলি দি পৱিত্ৰ প্ৰেমৰ দিনটো 'প্ৰেমিক - প্ৰেমিকাৰ একচেটিয়া দিৱস ' ৰূপে     কলুষিত কৰাৰ নিকৃষ্ট মানসিকতা পৰিহাৰ কৰি  চেন্ট ভেলেন্টাইনক সুঁৱৰি প্ৰেমৰ মাজেৰে পৱিত্ৰতা আৰু শান্তি সূচনা কৰাৰ মহৎ লক্ষ্য আগত ৰাখি ভেলেন্টাইন ডে পালনৰ ব্যৱস্থা কৰা উচিত।সমাজত মানুহ চিনাকি ৰে পৰবৰ্তী প্ৰজন্মলৈ এক সুন্দৰ নিদৰ্শন ৰাখিবলৈ চেষ্টা কৰাটোহে উৎকৃষ্ট মাৰ্গ- নিদৰ্শনৰ কাৰ্য হ'ব। কোনোবা মাতৃৰ একমাত্ৰ বুকুৰ হীৰা টুকুৰা প্ৰেমৰ দিন উদ্ যাপনৰ নামত লেলিহান শিখাৰ জুইকুৰাত দগ্ধ হৈ ছাই হোৱাৰ দৰে বাতৰি যেন দেশৰ জনতাৰ কৰ্ণকুহৰত খুন্দা নামাৰে!  প্ৰেম-ধুমুহাৰ বলি আমাৰ কোনো সন্তানেই যেন নহয় - প্ৰেম থাকক প্ৰাণে - প্ৰাণে, হৃদয়ে- হৃদয়ে আস্থা আৰু বিশ্বাস হৈ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)