ঘিটমিট এন্ধাৰৰ নিমাত,নিস্তব্ধ নিশাৰ ৰিণিকি ৰিণিকি জোনৰ পোহৰত চিত্ৰাই তাইৰ পঢ়া সামৰি বিছনাখনিতে বহি লৈ মানুহবোৰৰ কথা ভাৱিবলৈ ধৰিলে। সঁচাকৈ, কি যে ৰহস্যময় এই পৃথিৱী আৰু ইয়াৰ মানুহবোৰ। কিন্তু সকলোতকৈ ৰহস্যময় মানুহবোৰৰ জীৱনবোৰ । কাৰোবাৰ যদি আনন্দৰ কিৰিলি আন কাৰোবাৰ আকৌ দুখৰ বিননি। কোনোৱে কয় জীৱন বৰ অনুপম,আন কোনোবাই কয় জীৱন বৰ কঠিন। আচলতে জীৱনৰ সংজ্ঞা দিবলৈ বৰ সহজ নহয়। প্ৰত্যেকৰে বাবে জীৱনৰ সংজ্ঞা বেলেগ বেলেগ হ'ব পাৰে আৰু প্ৰতি পলে পলে মানুহৰ জীৱনৰ সংজ্ঞাৰো পৰিৱৰ্তন হ'ব পাৰে। এইধৰক আপুনি বহু পঢ়িলে শুনিলে ,ডাঙৰ ডিগ্ৰীও ল'লে। বহু ঠাইত চাকৰিৰ বাবে আৱেদনো কৰিছে কিন্তু পোৱা নাই। হঠাৎ আপোনালৈ এটা বাৰ্তা আহিল যে আপুনি এটা ভাল চাকৰি পাইছে, তেন্তে আপোনাৰ জীৱনে অন্য এটা দিশে গতি কৰিলে অৰ্থাৎ আপোনাৰ জীৱনৰ সংজ্ঞা পৰিৱৰ্তন হৈ গ'ল।
সকলোৰে বাবে জীৱনৰ সংজ্ঞা বেলেগ বেলেগ হ'লেও কিন্তু জীৱনত সুখ -দুখ , হাঁহি -কান্দোন , প্ৰাপ্তি -অপ্ৰাপ্তি থাকেই । এইবোৰৰ অবিহনে জীৱন অৰ্থহীন। জীৱনলৈ কেতিয়াবা যদি আহে হাঁহিৰ ৰহঘৰা আকৌ আন কেতিয়াবা আহে অশ্ৰুৰ নিজৰা । সেইবাবেই চাগৈ মানুহৰ জীৱনবোৰ ইমান ৰহস্যময়।
সঁচাকৈ, জীৱন বৰ আচৰিত,নহয় নে ? কিছুমানৰ জীৱন বৰ কঠিন আৰু জটিল,আৰু আন কিছুমানৰ বৰ সহজ - সৰল । আকৌ কিছুমানে ধন -সম্পতিৰে ক্ষমতাশালী হৈ বিলাসী জীৱন যাপন কৰে । আন কিছুমানে গোটেই জীৱন দৰিদ্ৰতাৰ সাগৰতেই বুৰ গৈ থাকে। সেইবাবেই চাগৈ জীৱন ইমান কৌতূহলপূৰ্ণ ।
আচলতে তায়ো নাজানে তাইৰ জীৱনৰ বিষয়ে,তাই এইটোওঁ
নাজানে যে তাই সুখী নে দুখী , মাথোঁ জীৱন বাটত আগুৱাই গৈ আছে আৰু জীৱনৰ সংজ্ঞা বিচাৰিবলৈ তাইৰ ইমান বয়সো হোৱা নাই। তথাপি তাইৰ কেতিয়াবা খুব ভয় লাগে , কিছুমানৰ জটিল আৰু বিষাদেৰে পৰিপূৰ্ণ জীৱনবোৰ দেখি । তাইৰ বুকুখন দুৰু-দুৰুকৈ কঁপিব ধৰে , হৃদয়খন ভাগি যোৱাৰ দৰে হয় ,উশাহবোৰো চুটি হৈ আহে যেতিয়া তাই তাইৰ সপোনবোৰৰ কথা ভাবে। তাইৰো বহুত আশা আছে জীৱনক লৈ, বহুতো ৰঙীন সপোন বুকুত বান্ধি লৈ ফুৰে তাই ,যিবোৰ আকাশৰ দৰে সুবিশাল, সাগৰৰ দৰে গভীৰ আৰু পৃথিৱীৰ দৰে ধৈৰ্য্যশীল। কিন্তু তাইৰ ভয় হয় এইবাবেই -যদি সপোনবোৰে তাইক আওকাণ কৰি জীৱন বাটত আগুৱাই গুচি যায়, তেন্তে কি হ'ব তাইৰ? কি কৰিব তাই ! তেতিয়া তাই এটা কামেই কৰিব, তাই চিৰদিনৰ বাবে গুচি যাব এই পৃথিৱীৰ পৰা, আন এটি নতুন জীৱনৰ সন্ধানত।...... নাই,নাই ...এনে কথা তাই কিয় ভাবিছে? আচলতে তাই কথাবোৰ অলপ বেছিকৈয়ে ভাৱে। তাই সপোনবোৰক ইমান সহজে হেৰাই যাব নিদিয়ে ,বান্ধি ৰাখিব হৃদয়ৰ মাজত। সদায় তাই তাইৰ সপোনবোৰৰ পাছে পাছে দৌৰি থাকিব যেতিয়ালৈকে তাইৰ সপোনবোৰ বাস্তৱত পৰিণত নহয়। অৱশ্যে জীৱনৰ লগত ইমান সহজে হাৰ মনা ছোৱালী তাই নহয় , তথাপি.....
এনেতে ১.০০ বজাৰ ঘড়ীৰ সংকেতত চিত্ৰাই বাস্তৱলৈ ঘূৰি আহিল কল্পনাৰ ৰাজ্যৰ পৰা। ইমান সময় কেনেকৈ গুচি গ'ল তাই ধৰিবই নোৱাৰিলে । ৰাতিও যথেষ্ট গভীৰ হ'ল আৰু চিত্ৰায়ো নিদ্ৰা দেৱীৰ কোলাত পৰি পুনৰ সপোনৰ ৰাজ্যত মুক্ত মনেৰে বিচৰণ কৰিব ধৰিলে।
🔳ৰিমাশ্ৰী কোচ-ৰাজবংশী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ