হে সুহৃদ সঠিক পথৰ সন্ধান দিয়া-আয়নাল চৌধুৰী

©Admin
0
পোহৰৰ আটচবাজিত
দিক্‌ভ্ৰষ্ট বাটৰুৱা হৈ
কিমান বিচাৰিম গন্তব্য পথৰ ঠিকনা ?
হে সুহৃদ, পাৰা যদি সঠিক পথেৰে
মোক আগুৱাই নিয়া ।
কেনি যাম কোৱা,
পূবে নে পশ্চিমে?
উত্তৰে নে দক্ষিণে ?
সকলোতে সন্দেহ বৰ্তমান
বিশ্বাসৰ অভাৱত
আন্তৰিকতাৰ অপমৃত্যু
মৰীচিকা পথে পথে--।
যিফালেই যাওঁ
অন্যায়,অবিচাৰৰ লেলিহান শিখাই
পথৰ দুয়োকাষ আৱৰে ।

মৰাক মাৰি পাতে বিজয় উল্লাস
আনৰ পৰাজয়ত
নিজৰ জয় সুনিশ্চিত কৰি
আনন্দৰ ফল্গোৎসৱ পাতে কৃত্ৰিমতাৰে,
ধৰ্মৰ নামত ব্যভিচাৰ
সম্প্ৰদায়ৰ নামত ভেদাভেদ
কিমান আৰু তললৈ যাব
আধুনিকতাৰ সাজ পিন্ধা
এই যান্ত্ৰিক মানুহবোৰে ?

কোনো নহয় কাৰো আপোন ।

সজ উপদেশবোৰ পাঠ্য-পুথিতে আৱদ্ধ কৰি
ব্যস্ত মাথোঁ আপোন স্বাৰ্থতে ।

চৌদিশ কলুষতাৰে ভৰা
এতিয়া কোন দিশে যাওঁ কোৱা ?
হে সুহৃদ, পাৰা যদি
সঠিক পথেৰে আগুৱাই নিয়া
কৃতজ্ঞ হৈ ৰ'ম
আজীৱন তোমাৰ কাষত
দিলোঁ তোমাক কথা ।



✍️আয়নাল চৌধুৰী ( ধুবুৰী ) 
         


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)