অকণিৰ বিহু-হিৰণ্যময়ী বৰুৱা

©Admin
0
মা মোক ঢোল এটা কিনি দিবাচোন। ঢোলটো বজাবলৈ মোৰ বৰ হেপাহ।
:হব দে।দৰমহাটো পালে ঢোলটো কিনি দিম।
তোৰ জ্বৰটো এৰা নাই নেকি বোপাই।তোৰ চিন্তাত মোৰ টোপনি 
নাহিল। কিয় জানো মোৰ মূৰটো বৰকৈ ঘূৰাইছে অ'.
:কি হৈছে মা। তোমাৰ অসুখ হ'লে মোৰ বহুত চিন্তা হয়।
বাহিৰত গুৰুম গুৰুম কৰি শব্দৰ প্ৰদূষণ হৈছে।বতাহজাক অহাৰ লগে লগে পৰ্দাখন বেছিকৈ লৰা ফুৰা কৰিছে।হালিছে জালিছে গছৰ পাতবোৰ।মাজে মাজে বিজুলী বাতিৰ বিজ্যুতি ঘটিছে।বৰষুণৰ বতৰ।মানুহটোৱে প্ৰাইভেট কোম্পেনীত চাকৰি এটা কৰে কম্পিউটাৰৰ মাষ্টাৰ।
ঘৰখন যেনেতেনে চলিলেও শান্ত আছে।বাপেক পুতেক আৰু মাক।গাওৰ ঘৰ এখন আছে যদিও বিহুৰ দিনতহে গাওলৈ যোৱা হয়।
ঢোলটো গাৱত বজাব বুলিয়েই মাকে কিনি দিলে।
:ঢেই ঢেই তাক
ঢেই ঢেই তাক
  মা মোক নেমাতিবি
মনে মনে থাক।
:অ,পল্লৱ আহ।ভাত খাহি বোপাই।মোৰ অফিচ যাবৰ হৈছে।দেউতাৰে দহ বজাত যাব।তোক হেনো মামীয়েৰাৰ ঘৰতে থৈ যাব।
:গৈ আছো মা ।গৈ আছো। মা বিহু আহি পালেহি।চ'ত মাহ সোমালেই।
এনেতে মাকে পুতেকক দেউতাকৰ ওচৰতে থৈ দৌৰা দৌৰিকৈ চিটি বাচত উঠি বামুণী মৈদামৰ অফিচটোলৈ গ'ল।মাকে চেবাৰ অফিচতে চাকৰি কৰে।ভাৰা ঘৰত থাকিয়েই ঘৰখনৰ লগতে অফিচটোলৈকো অহা যোৱা কৰিছে।
এইকেইদিনত অফিচত হুলস্হুল পৰিবেশ এটা হৈ আছে।  পৰীক্ষাৰ প্ৰশ্ন কাকত বাহিৰ হোৱা কথাটোলৈ বহুত প্ৰচাৰ হৈছে।মন্ত্রী বিষয়া আদিৰ ঘনাই সভা সমিতি চলিছে।কি হব,কি,নহব।সকলোৰে মুখে মুখে কথাবোৰ আখৈ ফুটাদি ফুটিছে। সকলোৰে মন বেয়া চেবাৰ অফিচৰ লগতে অসমৰ ঠায়ে ঠায়ে ছাত্ৰ ছাত্ৰী,শিক্ষক,পিতৃ মাতৃ কাৰোৰেই শান্তি নাই।
এনেতে দেউতাকৰ খং উঠিল। পল্লৱ ঢোলটো থৈ দে।পঢ়া শুনাও কৰিব লাগিব।মাৰে ভাত দিথৈ গৈছে।তুমি ময়ে খাইল ও আহা ?
গাটো ধুই ল ওদেই দেউতা। 
এনেতে দেউতাকে পল্লৱলৈ কাপোৰ এযোৰ আনিবলৈ বৰ জোৰকৈ ধৰি পল্লৱৰ শৰীৰৰ জোখ মাখ লয়।কাৰণ বিহুৰ কেইদিনত ফেন্সিত সোমাব নোৱাৰা অৱস্থা হব।সেয়েহে চিন্তা কৰি পল্লৱৰ দেউতাকে  পেন্ট_জিনচৰ এটা আৰু চাৰ্ট বোলোতে পিন্ধি ভালপোৱা এটা আনিব বুলি ভাবিলে । বিহুত বস্ত্ৰ লব লাগে।কাৰণ গছে পাতেও বৰণ সলায় মানুহে নসলাবনো কিয়?তাতে বহাগ বিহু
বিহুৰ গীত এটা ইউটিউবত লগাই 
পল্লৱে গাবলৈ ধৰিলে_
চতে চতে কৰি বহাগে পালেহি ঐ
ফুলিলে ভেবেলি ঐ লতা
 দেউতাকৰ মুখত মিচিকিয়া হাহি দেখা পালে পল্লৱে।
:অ', দেউতা বিহু এটি গোৱানা। মই ঢোলটো বজাও।
:নেলাগে অ,পাছত গাম।আজি সময় নাই।বিহুগীত আধা গাব নেলাগে। মনটো বেয়া হয়।
:দুয়ো একেলগে ভাত খাই মামীয়েকৰ ঘৰত পল্লবৰ বাইকৰ পাছৰ পৰা পল্লৱ নামি গল।দেউতাকে কামলৈ গলগৈ।
:অ, পল্লৱ আহিলা। তুমি আজি মোক বিহু গীত এটা শুনাব লাগিব।ময়ো নাছিম।
বিস্কুত,মিঠাই ,গাখীৰ পল্লৱৰ বাবে মামীয়েকে টেবুলত আনি ৰাখিলেহি।
পল্লৱে সুন্দৰকৈ বিহুগীতৰ যোজনা দিলে মামীয়েকে বিহু নাচিলে।
আইঐ বিহুটি আদৰৰ
বিহুটি সাদৰৰ
বিহুটি মৰমৰ ধন
বিহু থাকে মানে বিহুকে বিনাবা অ
বিহু গলে বিনাবা কাক!
ঐ ৰহিমলা আহ ঐ আহ
বিহু মাৰিবলৈ যাও।
মামী  আৰু ভাগিনে এনেকৈয়ে বহুত সময় কটালে।
এটা সময়ত দেউতাক আহি পোৱাত পল্লৱ দেউতাকৰ বাইকৰ পাছফালে উঠি  নিজা গৃহলৈ গমন কৰে।
ঘৰত দৰ্জাখন খুলিয়েই দেউতাকে জিনচ্ পেন্টটো লগতে চাৰ্টটো পিন্ধাই চাই ফটো এখন মোবাইলত ক্লিক কৰি পল্লবে মাকলৈ পঠিয়াই দিয়ে।এনেতে পল্লবৰ মাকৰ অফিচৰ পৰা অহাত পলম হব আৰু ভাতমুঠি বনাই থবলৈ পল্লৱৰ দেউতাকলৈ ফোনটো কৰে।আজি অফিচত মুখ্যমন্ত্রী, শিক্ষামন্ত্রী আৰু অন্যান্য সকলৰ মাজত শিক্ষা বিষয়ৰ এখন বৈঠক বহিব।পলম হব।গতিকে উপায় নাই__!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)