শিক্ষকতাক পেছা ভাৱেই হওক যোগ্য প্ৰতিভাৰে, সততাৰে কাম কৰি যাওক-জ্যোতিষ্ক বৰুৱা

©Admin
0
শিক্ষকতাৰ দৰে মহান কৰ্মত নিঃস্বাৰ্থ সেৱাত নিজকে নিয়োজিত কৰি এখন সুস্থ সমাজ গঢ়াৰ আদৰ্শৰ পৰা নিজৰ গুৰুদায়িত্ব এৰি এচাম শিক্ষকৰ মানসিকতাই সচেতন মহলৰ মনত সঁচাকৈ স্তম্ভিত কৰি তুলিছে ৷ শিক্ষকতা কৰি পোৱা বৃত্তিত সন্তুষ্ট নাথাকি মাত্ৰ কেইটামান টকাৰ বিনিময়ত ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাৰ সময়ত কিছু আগতীয়াকৈ "প্ৰশ্ন -কাকত ফাদিল" ঘটনাত জড়িত হৈ শিক্ষকতাৰ দৰে মহান কৰ্মত কলংক হানিছে ৷ সৌ-সিদিনা দূৰদৰ্শনৰ চেনেলত দেখুওৱা হাই-স্কুল শিক্ষান্ত পৰীক্ষাত  আগতীয়াকৈ প্ৰশ্ন কাকত ফাদিল হোৱা ক্ষেত্ৰত শিক্ষক আৰু তেওঁলোকৰ ঘনিষ্ঠ  সাংগু-পাংগু  জড়িত  ঘটনাবোৰে ৰাজ্যজুৰি চাঞ্চল্যকৰ সৃষ্টি কৰিলে ৷ বিভিন্ন জনে বিভিন্ন মতামত, প্ৰতিবাদী কাৰ্যসূচীৰে ৰাজ্যত উত্তাল কৰি তুলিলে ৷ মাত্ৰ কেইজন মান শিক্ষকৰ তেনে ভুলৰ পৰিণতিয়ে  সমগ্ৰ শিক্ষক সমাজখনকে লজ্জানত কৰি পেলালে ৷ এনে কৰ্মকাণ্ডই সঁচাকৈ সমাজত শিক্ষকৰ প্ৰতি থকা শ্ৰদ্ধা,ভক্তি,সদ্ভাৱনাক মানুহৰ দুচকুত কোনোবা বিপৰীত দিশেৰে লৈ যাব ৷  দুই এজনৰ ভুল আৰু দুস্কৰ্মৰ বাবে সমগ্ৰ শিক্ষক সমাজখনৰ প্ৰতি মানুহৰ কৌতূহুলতাৰ দৃষ্টি নপৰিৱলৈ তেনে মানসিকতা ত্যাগ কৰা উচিত ৷ দেশৰ মানৱ সম্পদ গঢ়াত শিক্ষকৰেই যিহেতু প্ৰয়োজনীয় ভূমিকা থাকে গতিকে তেনে অপকৰ্মৰ পৰা বিৰত থাকি সুস্থ সমাজ গঢ়াত গুৰুত্ব দিয়া উচিত ৷ শিক্ষকতা দৰে মহান কৰ্মত যিহেতু চৰকাৰে প্ৰয়োজনীয় বেতন দিছে, মহান সেৱা কৰাৰ সুযোগ পাইছে অন্য কু-কৰ্ম ত্যাগ কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলি   শিক্ষকতাৰ মহান পেছাত যোগ্য প্ৰতিভাই যোগদান কৰি সততাৰে আৰু নিষ্ঠাৰে কাম কৰি যাওক ৷ আপোনালোকৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আৰু দেশৰ ভৱিষ্যত জড়িত হৈ আছে ৷

✍️জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম
মোৱাইল নং9365008343

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)