ফাগুন -সংগীতা শইকীয়া হাজৰীকা

©Admin
0
ফাগুন এটা শব্দ
পুনঃ পুনঃ ঘূৰি অহা এটা মাহ 
কবিৰ হৃদয়ত উথলি থকা 
প্ৰেম-ভাল পোৱা আবেগ-অনূভূতি
মন-প্ৰাণ ভৰি থকা
এটা মিঠা শিহৰণ। 
পাতলীয়া শুভ্ৰ কুঁৱলী 
আলফুলীয়া শীতৰ আবেষ্টনী।
মন মতলীয়া
অ' পলাশ-শিমলু ---
ফাগুনৰ পচোৱা বতাহত উৰা 
ধূলি কণায়েও কৈ যায় -
বাৰিষাৰ প্ৰথমজাক বৰষুণৰ কথা।
দি যায় ফাগুনৰ সঁচা পৰিচয়।
বৰষুণ মানেই -
সৃষ্টি-সমৃদ্ধি।
বাউলি বতাহৰ 
বিস্তৰ সৰাপাতৰ দলিচাতেই আছে
আশাৰ বতৰা।
প্ৰকৃতিৰ চিৰ সেউজীয়া 
চিৰ যৌৱনৰ তান।
আমে মলিয়ালে,
 কঁঠালে পেলালে মুচি। 
নানা ৰঙী চৰায়ে, 
ন সাজ পৰিহিতা বিৰিষে আনন্দত জুৰিলে গীত।
আৰু যে ক'ত কি সুন্দৰ! 
এই বিনন্দীয়াপৃথিৱী।
কৃষকৰ সপোন হৈসৃষ্টিৰ সমল হৈ - - - - 
ফাগুনৰ পুনঃ পুনঃ আগমন।                            

     ✍️সংগীতা শইকীয়াহাজৰীকা
                তিতাবৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)