শিৱসাগৰ-তৃদিষ্ণা কোঁৱৰ

©Admin
0
মোৰ জিলা শিৱসাগৰ
তাৰে দিওঁ কেইটিমান খবৰ।
ৰংপুৰৰ ৰংঘৰ
কীৰ্তি চিহ্ন আহোমৰ।
শিৱসাগৰৰ শিৱদল
চাই আহো আমি বল।
জয়সাগৰৰ জয়দল
জয়াৰ স্মৃতি থাকি গ'ল।
শিৱসাগৰৰ পুখুৰী
নাচাই থাকিব নোৱাৰি।
গড়গাৱৰ কাৰেংঘৰ
আমাৰ অতি মৰমৰ।
চৰাইদেউৰ মৈদাম
তাতে গৈ আমি বনভোজ খাম।
কমলাবাৰী নতুন ঠাই
বহু মানুহে চাই যায়।
গেলেকিত আছে তেলৰ পুং
তেল আনিবলৈ যাব কোন।।

✍️তৃদিষ্ণা কোঁৱৰ,
ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, শিৱসাগৰ
 সপ্তম শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)