কৃতজ্ঞতা-দিপশিখা ৰাজকোঁৱৰ

©Admin
0

সাহিত্যৰ অনুৰাগী হ'বলৈ ষষ্ঠ শ্ৰেণীৰ পৰাই প্ৰয়াস কৰিছিলোঁ। তেতিয়াৰ পৰাই এটি দুটি লেখা লিখিবলৈ আৰম্ভ কৰিছিলোঁ। যদিওবা নোৱাৰিছো তথাপিও চেষ্টা কৰিছিলোঁ।কিয়নো মই সাহিত্যৰ জগতখন ভাল পাইছিলো । প্ৰেমত পৰিছিলো সাহিত্যৰ।
             ২০২১ বৰ্ষৰ জানুৱাৰী মাহত মই জড়িত হৈ পৰিছিলো অসমীয়া সাহিত্যৰ চানেকি দৈনিক অনলাইন আলোচনী খনৰ সৈতে। প্ৰথম অৱস্থাত আলোচনীখনৰ বিষয়ে ভালদৰে জনা নাছিলোঁ। ফেচবুকতে পঢ়িছিলোঁ আলোচনীখনত প্ৰকাশ হোৱা লেখা সমূহ। এদিন তাত দিয়া ৱাটচাপ নম্বৰত মোৰ ৰচিত "আহ্বান" নামৰ কবিতাটি প্ৰেৰণ কৰিছিলোঁ। দুদিন পাছত কবিতাটো প্ৰকাশ পাইছিল।আৰু তাৰ লিংকটো মই পাইছিলো। আলোচনীখনৰ সম্পাদক তথা মোৰ সকলোতকৈ প্ৰিয় দাদা ৰিংকু দাই মোক আলোচনীৰ লেখা সমূহ সংশোধন কৰাৰ দায়িত্ব দিছিল। সেইদিনাই গ্ৰুপত সকলোৱে যে আদৰণি জনাইছিল। সঁচাকৈ বহুতেই ভাল লাগিছিল। প্ৰথমবাৰৰ বাবে তেনেকৈ জড়িত হৈছিলোঁ। আলোচনীখনৰ প্ৰতিজন সদস্যই মোৰ আপোন।কি জানানে কেতিয়াবা মই আনৰ আগত কও মোৰ দ্বিতীয় পৰিয়াল এটি আছে।যেতিয়া মানুহবোৰে আচৰিত হৈ সুধে কোননো বুলি। তেতিয়া মই আলোচনীখনৰ কথা কও। প্ৰতিজনেই যে মোৰ পৰিয়ালৰ দৰে সেয়াও কও। কিন্তু কেতিয়াও প্ৰকাশ নকৰোঁ। আলোচনীখনে মোক বহুত শিকালে। এতিয়া এনেকুৱা হৈ গ'ল যে কিবা এটা নিলিখিলে চোন মনটো ভালেই নালাগে।আনৰ দৰে হয়তো উন্নত মানৰ লেখা লিখিব নোৱাৰোঁ। তথাপিও লেখা-মেলা কৰি ভাল পাওঁ। আলোচনীখনৰ লগতে তাৰ সকলো লোকৰ মোৰ জীৱনত অৰিহণা যথেষ্ট বেছি। এইক্ষেত্ৰত ৰিংকু দাক সকলোতকৈ বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম অৱস্থাতে আলোচনীৰ সংশোধক, আলোচনীৰ ৱেৱ প্ৰকাশক,সহ সম্পাদিকা, আৰু বৰ্তমানো ৱেৱ প্ৰকাশক হিচাপে লেখা প্ৰকাশ কৰি আছোঁ।ৰিংকু দাৰ জৰিয়তেই আলোচনীখন মোৰ প্ৰিয় হৈ পৰিল।শিকিবলগীয়া বহুত কথা শিকিলোঁ।নজনাবোৰ ৰিংকু দাই সহজ ভাৱে শিকাই বুজাই লয়। আপোনাৰ ওচৰত মই সদায় চিৰ কৃতজ্ঞ ৰিংকু দা।আজি এই আলোচনীখনত মোৰ ১০০ টা লেখা প্ৰকাশ হ'ল। আগলৈও এনেকৈয়ে আলোচনীখনৰ হকে নিস্বাৰ্থভাৱে কাম কৰি যাম। আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।।
       
◾দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)