"উপাই দোমা" বাক্যাংশটো মনলৈ আহিলেই আজি একুৰি তিনি বছৰ আগতেই অৰুনাচল প্ৰদেশৰ নিৰজুলিৰ নেৰিষ্টত কটাই অহা ছবছৰীয়া হোষ্টেলৰ দিনবোৰৰ কথা ভাবি নষ্টালজিক হৈ পৰো। ইন্জিনীয়াৰিঙ কলেজখনত অধ্যয়নৰত নিচি জনগোষ্ঠীৰ বন্ধু-বান্ধৱ আৰু থলুৱা লোক সকলৰ মুখত লাগি থকা এই উপায় দোমা ইতিবাচক বাক্যাংশ মোৰো মনৰ মণিকোঠাত আজীৱন আৱদ্ধ হৈ ৰ'ল। অনাকাংক্ষিত বিপৰ্য্যয়ৰ সন্মুখীন হৈ উপাই বিহীন হৈ পৰিলে চড়ম বিপৰ্য্যয়ো সহজে মানিলৈ নিচি সকলে উপাই দোমা বুলিকৈ পুনৰ নিজৰ মনটো জীপাল কৰি কামত লাগি যোৱা দেখিছিলো। নিজৰ লগত সংঘটিত হৈ যোৱা বিসংগতিৰ কথা আক্ষেপ কৰি অযথা মুৰ ঘমাই তেওঁলোকে সময়ৰ অপব্যয় নকৰে । সেয়েহে পাছলৈ নিচি সকলে ব্যৱহাৰ কৰা এই উপাই দোমা বাক্যাংশ মোৰো দৈনন্দিন জীৱনৰ বাবে এটা সঞ্জীৱনী মন্ত্ৰ হৈ পৰিছিল।
আজি কিছু বছৰৰ আগতে কৰ্মসূত্রে বাংগালোৰ চহৰত কেইটামান বছৰ থকাৰ সুযোগ পাইছিলো । বাংগালোৰ চহৰত থলুৱা কানাড়া লোক সকলে সলসলীয়াকৈ হিন্দি ক'ব নোৱাৰে । কিন্ত অনিবাৰ্য্য বিফলতাৰ বাবে দুখ-কষ্ট ভুগিব লগীয়া হ'লে তেওঁলোকেও সেই কথাত বেচি সময় লাগি নাথাকি " পৰোৱা নেহী" বুলি কৈ পুনৰ হাতে কামে লাগি যায় ।
বৰ্তামান মই জাপানৰ কোবেল্কো কনষ্ট্ৰাকছন নামৰ বহু জাতিক প্ৰতিষ্ঠানটোৰ উত্তৰ প্ৰদেশৰ নয়ডাস্থিত কাৰ্য্যালউয়তকৰ্মৰত হৈ থকাৰ আপাহতে জাপানৰ ইতিহাস, দৰ্শন আৰু জীৱন শৈলীৰ কিছু আভাস পাবলৈ সমৰ্থ হৈছো। সেই আপাহতে জাপানীজ সহকৰ্মী সকলৰ পৰা দুই এটা অৰ্থব্যঞ্জক শব্দ আৰু বাক্যাংশৰ যথাযথ প্ৰয়োগৰ বিষয়ে জানিব পাই উপকৃত হৈছো। এটা কথা আমি সকলোৱেই মানি ল'বই লাগিব যে শব্দই ব্ৰহ্ম। একো একোটা শব্দ প্ৰয়োগ সাপেক্ষে একো একোপাত পাশুপাত অস্ত্ৰৰ দৰে। ঠিক তেনেকুৱা এটা জাপানীজ বাক্যাংশ হৈছে চিকেটা গানাই অৰ্থাত উপাই দোমা, কষ্টকৰ হলেওঁ পৰিস্থিতিৰ সন্মুখীন হ'বই লাগিব। এই বাক্যাংশৰ জৰিয়তে অনিবাৰ্য্য দুখ-কষ্ট বা অন্যায় ভুগিলেও মৰ্যাদা বজাই ৰাখি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা বুজাই ।
দ্বিতীয় বিশ্বযুদ্ধৰ বিষম পৰাজয়ৰ প্ৰায় ত্রিশ বছৰৰ পাছত ১৯৭৫ চনত জাপানৰ সম্ৰাট হিৰহিটোই পোন প্ৰথমবাৰৰ বাবে টকিঅ চহৰত অনুষ্ঠিত এখন সাংবাদিক মেলত অংশগ্ৰহণ কৰিছিল। উক্ত সভাত সম্ৰাট হিৰহিটোক তেওঁৰ শাসনকালত দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই সংঘটিত কৰা পাৰমাণৱিক বোমাত বিধস্ত জাপানৰ লক্ষাধিক লোকে প্ৰান হেৰুৱাব লগীয়া হৈছিল। সেই সংক্ৰান্তত তেওঁ কি ক'ব বিচাৰে?
সাংবাদিকৰ সেই প্ৰশ্নৰ উত্তৰত নিৰুদ্বেগ ভাৱে সম্ৰাট হিৰহিটোই মাত্র কৈছিল, "চিকেটা গানাই" । অৰ্থাত তেওঁ কোৱা কথাষাৰৰ তাৎপৰ্য্য আছিল, যুদ্ধ চলি থকাৰ সময়ত যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব লগীয়া হয়। কেতিয়াবা তেনেধৰন অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ নকৰিব লগীয়া কামো কৰিব লগীয়া হয় নুভুগিব লগীয়া ফলো অনিবাৰ্য্য বশত ভুগিব লগীয়া হয়। গতিকে তাৰ কাৰণে আক্ষেপ আৰু অনুতপ্ত নকৰি জীৱনৰ বাটত অগ্ৰসৰ হোৱাৰ প্ৰয়োজন। অন্যথাই জীৱনৰ যাত্রা লেহেমীয়া অথৱা স্থবিৰ হৈ পৰাৰ সম্ভাৱনাই বেচি।
জাপানীজ সকলৰ এই ধৰণৰ ইতিবাচক চিন্তা ধাৰাৰ বাবেই দ্বিতীয় বিশ্বযুদ্ধত ধ্বংসস্তুপত পৰিণত হোৱা জাপান আজি পৃথিৱীৰ এখন অন্যতম বিকাশশীল দেশ হিচাপে প্ৰতিষ্ঠিত হবলৈ পাৰিলে সেইটো নিসন্দেহে মানি ল'ব লাগিব।
চিকেটা গানাই মানে হৈছে বিকল্প বিহীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা । কিন্ত সেই বুলিয়েই কিন্ত নিৰৱে উৎপীড়ন আৰু অত্যাচাৰৰ কোনো প্ৰতিবাদ নকৰা নুবুজায়। চিকেটা গানাই বুলি কৈয়েই নিজৰ প্ৰাপ্তি, অধিকাৰ আৰু স্বাভিমান ৰক্ষাৰ বাবে জাপানীজ সকলে কেতিয়াও আপোচ নকৰে। সেইয়াও নিদৰ্শন ৰাখি গৈছে ফ্ৰেড কোৰামাটছু নামৰ মাৰ্কিন- জাপানীজ নাগৰিক এজনে।
১৯৪১চনৰ ডিচেম্বৰৰ মাহত জাপানীজ নৌ সেনাবাহিনীয়ে আমেৰিকাৰ হাৱাইস্থিত পাৰ্ল হাৰ্ভাৰ নামৰ পোতাশ্ৰয়ত কোঠ মাৰি থকা বহুত কেইখন বৃটিছ আৰু আমেৰিকান নৌ বাহিনীৰ যুদ্ধৰ জাহাজ ধংস কৰাৰ পাছত ইমান দিনে নিৰপেক্ষ স্থিতি লৈ থকা আমেৰিকাও এই মহা সমৰত জপিয়াই পৰে। জাপানৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিয়েই চোৰাংচোৱা কৰাৰ সন্দেহত ৰাষ্ট্ৰপতি ৰুজভেল্টে আমেৰিকাত বসতি কৰা সকলো জাপানীজ আৰু জাপানীজ মূলৰ মাৰ্কিন নাগৰিকক বন্দী শিবিৰত আৱদ্ধ কৰি ৰাখিবলৈ আদেশ জাৰি কৰিছিল। ৰাষ্ট্ৰপতি ৰুজভেল্টকৰ সেই আদেশক প্ৰত্যাহ্বান জনাই ফ্ৰেড কোৰামাটছু নামৰ লোক জনে আমেৰিকাৰ আদালতত গোচৰ তৰিছিল। তাৰ পৰিণতিত কোৰামাটছুক চাকৰিৰ পৰা বৰ্খাস্ত কৰি বন্দী শিবিৰত আৱদ্ধ কৰি মাৰ্কিন সৈন্যই অমানুষিক অত্যাচাৰ কৰিছিল। তথাপিও কোৰামাটছুৱে আদালতৰ গোচৰ উঠাই লৈ পিছ হুহকি অহা নাছিল । বন্দী কৰি ৰখা শিবিৰৰ পৰা পলায়ন কৰি বিভিন্ন জাগাত আত্ম গোপন কৰি থকা কোৰামাটছুক পৰিয়ালসহ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। অৱশেষত ১৯৪৪ চনত আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি ট্ৰুমেনৰ হস্তক্ষেপত বন্দী শিবিৰত আৱদ্ধ কৰি ৰখা জাপানীজ মূলৰ মাৰ্কিন নাগৰিক সকলক মুক্তি কৰি দিয়া হৈছিল। পাছে ফ্ৰেড কোৰামাটছুৱে সিমানতেই ক্ষান্ত নাথাকি আৱদ্ধ কৰি ৰখা জাপানীজ মূলৰ মাৰ্কিন নাগৰিক সকলৰ বাবে ক্ষতিপূৰণ বিচাৰি পুনৰ আদালতত গোচৰ তৰিছিল। কেতিয়াও মানিব নিবিচৰা মানৱ অধিকাৰৰ সক্রিয় সেৱক ফ্ৰেড কোৰামাটছুৰ আশাসুধীয়া প্ৰচেষ্টাৰ বাবে প্ৰায় চল্লিছ বছৰৰ পাছত অৱশেষত ১৯৮৮ চনত সেই সময়ৰ ৰাষ্ট্ৰপতি
ৰোনাল্ড ৰীগানে সকলো জীৱিত জাপানীজ মূলৰ মাৰ্কিন নাগৰিকক গাইপতি বিশ হেজাৰ ডলাৰ ক্ষতি পূৰণ দিবলৈ বাধ্য হৈছিল। ফ্ৰেড কোৰামাটছুক জাপানীজ মূলৰ ভূক্তভোগী মাৰ্কিন নাগৰিক সকলৰ ন্যায় লাভৰ বাবে কৰা তেওঁৰ একক প্ৰচেষ্টাক সমগ্ৰ বিশ্ববাসীয়ে ভূয়সী প্ৰশংসা কৰিছিল। পৰৱৰ্তীসময়ত ১৯৯৮ চনত আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি বিল ক্লিন্টনৰ চৰকাৰে মানৱ অধিকাৰৰ সংগ্ৰামী নেতা ফ্ৰেড কোৰামাটছুক আমেৰিকাৰ সৰ্বোচ্চ অসামৰিক সেৱাৰ সন্মান "স্বাধীনতাৰ ৰাষ্ট্ৰপতি পদক" প্ৰদান কৰিছিল।
গতিকে এই দুয়োটা পৰিঘটনাৰ পৰা এটা কথা স্পষ্ট ভাৱে বুজিব পৰা গৈছে যে নিজৰ লগত সংঘটিত যিকোনো ফলাফলৰ বাবে "উপাই নাই" বুলি চমুকৈ উত্তৰ দি সন্তুষ্ট ন'লভি ভৱিষ্যতে আৰু কিদৰে সফলতাৰ দিশত অগ্ৰসৰ হ'বলৈ পাৰি তাৰেই অন্বেষণ কৰাৰ প্ৰয়োজন । অন্যথাই আমি সংঘটিত হোৱা পৰিঘটনাৰ অনুশোচনাত দগ্ধ হৈ কাহানিও সফলতাৰ মুখ দেখিবলৈ নাপাম ।
ধন্যবাদেৰে-
চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা,
নয়ডা, উত্তৰ প্ৰদেশ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ