ৰমজানৰ মাহ -আসাদ মদনী

©Admin
0
বছৰ মূৰত আকৌ আহিল
পৱিত্ৰ ৰমজান,
নামাজ-ৰোজা আদায় কৰিবা
দিবা অনেক দান। 

ফজৰৰ পৰা আৰম্ভ কৰি
মাগৰিবৰ পাছত শেষ,
হাদীছ,বিজ্ঞান সকলোৱে কয়
ৰোজাৰ গুণ অশেষ।

ৰোজাৱস্থাত মন্দ কৰ্ম
কৰিবা পৰিহাৰ,
তেহে তুমি পাবা শেষত
জান্নাত উপহাৰ।

ফৰজ ৰোজা ৰাখি মু'মিন
পাৰ কৰে এই মাহ,
এই মাহতেই নিষ্পাপ হয় বান্দা
ছাৰখাৰ হয় গুণাহ।

✍️আসাদ মদনী 
৬০০৩২১৪১৩১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)