উভতি নাহা তুমি- ৰাহুল চেতিয়া

©Admin
0
মই জানো তুমি নাহা,
নাহা তুমি মোৰ কাষৰলৈ,
এবাৰেই আহিছিলা যি
জীৱন সংগী হৈ
অকলশৰীয়া কৰি 
গুচি গলা দূৰ দিগন্তলৈ।
মই জানো কোনোদিনেই নাহা
মাথোঁ তুমি মোক জীয়াই থাকিবলৈ শিকাই
গুচি গলা স্বৰ্গগামী হৈ,
দি থৈ গলা মোক জীৱন যন্ত্ৰণাত
তোমাৰ স্মৃতিৰ সৈতে জীয়াই থাকিবলৈ।।
মই জানো তুমি নাহা
এবাৰেই যি আহিলা
গুচি গলা এবাৰতে,
যতে আছা
থাকা যেন সদায় সুখতে।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)