এইখন মৰমৰ ৰংপুৰ,
হাজাৰ হাজাৰ স্মৃতিৰে ভৰা
ৰংপুৰ এতিয়া শিৱসাগৰ।
উপজাৰে দিনৰ পৰা
ৰংপুৰৰ গৌৰৱ
সকলোৰে কাণে কাণে......
বহু কীৰ্তিচিহ্নৰ মাজতে আমি
আলোকপাত কৰোঁ
বহু ৰোমন্থিত স্মৃতি।
হেজাৰ মৰম আৰু
হেজাৰ গৌৰৱ......
অতীতৰ সোণালী ভাষাই
ৰংপুৰৰ সৈতে এক
সম্বন্ধ গঢ়ে।
পূবৰ বেলি পশ্চিমত অস্ত গ’ল,
এতিয়া আৰু সেইদিন
ঘূৰি নাহে।
যি দিন ৰংপুৰ সোণালী স্মৃতিৰে
ভৰপূৰ হৈ আছিল।
জেৰেঙাৰ জয়াই সাহসেৰে যুঁজিছিল,
ৰংঘৰত ৰঙৰ খেলা খেলিছিল
কাৰেঙৰ লিগিৰিত কোঁৱৰৰ
শাসনাধীন চলিছিল।
সেইবোৰ আৰু আজি নাই !
সেইয়া কেৱল অতীতৰ
সোণালী প্ৰভাতহে।
জহি-খহি যোৱা গঢ়াৰ দৰে;
নতুন ৰংপুৰ বহু আশাৰে
সোণালী আখৰেৰে সজাই তুলিছো।
এইখন আমাৰেই ৰংপুৰ
বহু স্মৃতিৰে ভৰা
এইখন শিৱসাগৰ।
◾পংকজ দিহিঙীয়া
একাদশ(বাণিজ্য) শিৱসাগৰ, গনকপত্তী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ