মই হেৰাই যাম এদিন-সংযুক্তা বৰা

©Admin
0
এদিন হেৰুৱাই যাম
তোমাৰ আগৰ পৰা
তেতিয়া হয়টো তুমি
মনত বহুত শান্তি পাবা
বিচাৰি ফুৰিবা তেতিয়া 
পাগলৰ দৰে মোক
বিচাৰি বিচাৰি ভাগৰি যাবা
কিন্তু মোক ঘূৰাই  নাপাবা।
হয়তো তেতিয়া কেৱল আহিম সপোনত 
চাব নাপাবা মোক দিঠকত
ফুলৰ মালা সৈতে উলমি থাকিম
তুমি শোৱা শিতানৰ দেৱালৰ ওপৰত
পুৱাই গধূলি ফটোখন চাই কান্দিবা
আৰু অতীতবোৰ মনত কৰিবা
হেজাৰ চেষ্টা কৰিবা কিন্তু, 
মোক পাহৰিব নোৱাৰিবা।
কথা দিলো তোমাক এদিন 
তুমিও জীৱন যুদ্ধত হাৰিবা।
তেতিয়া আকৌ তুমি
মোক মনত নেপেলাবা।
মোক বিচাৰি ফুৰিলেও
মই তোমাৰ কাষলে’ আৰু কেতিয়াও 
ঘূৰি আহিব নোৱাৰিম চাগে।।


◾সংযুক্তা বৰা
 গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)