বাল্যবিৱাহ জীৱশ্ৰেষ্ঠ মানৱৰ কৰ্তব্য- চিন্ময় ডেকা

©Admin
0
"বাল্যবিবাহ" এক সামাজিক ব্যাধি। এনে পৰম্পৰাই সমাজৰ মানৱ জীৱনক অন্ধকাৰ দিশলৈ অগ্রসৰ কৰোৱাইছে। ই, বাৰুকৈয়ে শিশুৰ সামাজিক জীৱনৰ অগ্ৰগতিত বাধা প্রদান কৰে। উল্লেখনীয় ভাৱে “Child Marriage Restraint Act 1929” আইন খনি প্ৰৱৰ্তন কৰা হৈছে যদিওঁ; এই আইনত বাল্যবিবাহ প্ৰতিৰোধৰ কঠোৰতম পদক্ষেপ গ্রহণ কৰা হোৱা নাছিলে। তদ্ৰুপ, সাম্প্রতিক সময়ত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ খনে ৰাজ্যত "বাল্যবিবাহ" ৰ সন্দৰ্ভত এক ইতিবাচক পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে। হয়টো, সমাজ জীৱনত ই-এক প্ৰশংসনীয় কাৰ্যলৈ পৰিণত হৈছে। ২০০৬,চনত গৃহীত কৰা “বাল্যবিবাহ প্ৰতিৰোধ আইন" অনুসৰি শিশুৰ সুৰক্ষা আৰু অপৰাধীৰ বিৰুদ্ধে গোচৰৰ তিনিটা দিশত মনোনিৱেশ কৰা হয়৷ জন্মৰ পৰা ছোৱালীৰ ১৮,বছৰ আৰু ল'ৰা ২১,বছৰ বয়সলৈ বিবাহৰ উপযুক্ত বয়সৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। তৎসত্বে, এনে আইনী ব্যৱস্থা থকাৰ পিছতো কিন্তু ১৮ বছৰৰ তলত আজিৰ দেশ, ৰাজ্য তথা সমাজ ব্যৱস্থাত এনে বিবাহ বৰ্তমানেও সংঘটিত হৈয়েই আহিছে। যাৰ ফলশ্রুতিত কম বয়সতে ছোৱালী সন্তানে মাতৃত্বৰ বোজা বহন কৰিবলগীয়া হোৱাত বহু উঠি অহা জীৱন মৰহি যোৱা ফুলৰ পাপৰিৰ দৰে মৃত্যু হোৱা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত প্ৰসূতি ৰোগত মাতৃৰ মৃত্যু সংখ্যা দিনক দিনে বাঢ়িব'লৈ লৈছে।
                   সময়ৰ গ্ৰাসত হৈ, পৰা নৈতিক স্খলনৰ জৰিয়তে মানৱ সভ্যতাৰ উদ্ভৱ হৈছে। যিটো পৰ্যাপ্ত, ইয়ো এক বাস্তৱ সঁহাৰি। যাক নুই কৰিবলৈ নোৱাৰি। পৰিষ্কাৰ-পৰিচ্ছন্ন সমাজ ব্যৱস্থাত নৈতিক সফলতাই মানৱ জাতিৰ কাল অমানিশাই গ্ৰাস কৰিছে। ইয়াৰ প্ৰয়োভৰ বৰ্তমান সময়ত অনবদ্য। দৰাচলতে, সমাজৰ দৰিদ্ৰতা আৰু শিক্ষাৰ অভাৱত বাল্যবিবাহৰ মূল কাৰণ হৈ পৰিছে। য’ত শিশুৰ অধিকাৰ খৰ্ব হয়৷ আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ ভৱিষ্যতৰ বাবে বহু শিশু পংগু হৈ পৰিছে। এইক্ষেত্ৰত সচেতনতাৰ অবিহনে জীৱন অৰ্থহীন হৈ পৰিছে। সেয়ে আমি সকলোৱেই "বাল্যবিবাহৰ" প্ৰতি সজাগ হোৱাটো নিতান্তই প্রয়োজনীয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)