নিসংগতাৰ চাপ- মনালিছা দলে

©Admin
0
আজি বতৰ বেয়া নহয়।ৰাতিপুৱা কিনকিনিয়া বৰষুণ দিছিল যদিও বিয়লি পৰৰ পৰা আকাশত সূৰ্য দেখিবলৈ পোৱা গ'ল।সৰিয়হ শাক বিচাৰি যোৱা ইচ্ছা কৰি কাকুৱে নীলা আৰু পৰিক লগ ধৰিলে।
কাকু, নীলা আৰু পৰি।সৰু এটা খৰাহী লৈ তিনিও সৰিয়হতলী পালেগৈ।
আবেলিৰ মিঠা ৰ'দে নৈপৰীয়া সৰিয়হতলীডোখৰ বেছি মিঠা কৰি তুলিলে।নৈৰ পাৰত থিয় দি কাকুৱে চালে বিস্তীৰ্ণ সৰিয়হতলী আৰু উৰি ফুৰা বিচিত্ৰ ৰঙৰ পখিলা।গুণ গুণ কৰি ফুলৰ ৰেণু আহৰণ কৰা মৌ মাখিবোৰ দেখি কাকুৱে ভাৱিলে- কি বিতোপন এই সৰিয়হতলী।অকাই-পকাই বৈ যোৱা নৈপানীখিনিও অপৰূপভাৱে কাকুৰ দুচকুত উজ্বলি উঠিল। বতাহত ঢৌ খেলি থকা সৰিয়হ ফুলবোৰ দেখিও কাকুৱে আনন্দত অধীৰ হ'ল।শান্ত হৈ থকা আকাশখনৰ দৰে বিস্তৃত আৰু সীমাহীন সেই আনন্দ।কাকুৱে অলপ বহি সেই ৰং উপভোগ কৰিব মন গৈছিল যদিও কেনেবাকৈ নীলাৰ বুকুত ক'লা ডাৱৰে খুন্দা মৰাৰ ভয়ত গীত এফাকিকে জুৰিলে-
"জোনধনে জোনালীতে
      তৰাৱতীক চাই
  হাতীপটি চিকিমিকি
     নাচি নাচি যায়।"
পিছে আকাশত তৰাৱতীৰ অনুপস্থিতিয়ে তাইৰ গীতৰ সুবাস নিদিলে।ফুল নপফুলা কুমলীয়া সৰিয়হ পুলি বিচাৰি তিনিও ছিঙিব ধৰিলে।
এমুঠি শাক খৰাহীত ভৰাই পৰিয়ে ক'লে-
: ঐ চোৱাচোন, ইমান ধুনীয়া সৰিয়হ ফুলবোৰ।
কাকু আৰু নীলাই নিস্তব্ধ হৈ শাক বুটলি আছিল।ফুলি থকা সৰিয়হ এজুপি লৈ তাই ফ'টো একপি তুলি দিবলৈ মবাইলটো উলিয়াই কাকুক দিলে।কাকুৱেও না কৰিব নোৱাৰিলে।এনেতেই নীলা শাকনিত গৈ বহুত দূৰ পালেগৈ কাকু লক্ষ্যই কৰা নাছিল।ঠিকেই হ'ল ভাৱি কাকুৱে লৰালৰিকৈ পৰিক আজৰি কৰি নীলাক মাতিম বুলি ভাৱিও থ'মকি ৰ'ব লগা হ'ল।কিয়নো নীলাৰ মন আকাশৰ নীলা ৰঙৰ দৰে উকা হৈ থকা নাই।ডাৱৰে আৱৰা আকাশৰ দৰে তাইৰ মন এতিয়া ডাৱৰীয়া হৈ আছে।সকলো সময়তে সেমেকি থাকে।কাৰো লগত মিলিব নোখোজে।বন্ধুত্ববিহীন নীৰৱতাই বান্ধি ৰাখিছে তাইক।নহ'বনো কেনেকৈ দিয়াচোন আনৰ দৰে তাইৰ জীৱনতো সহজ নে!মানুহে কয়-"হাঁহি এক বিনামূলীয়া চিকিৎসা" পিছে তাই সেই চিকিৎসা নলয়হে চোন!অৰ্থাৎ পৰিয়ে কৈ উঠিল-
: কাকু থেংকিউ।ইমান ধুনীয়াকৈ তুমি ফ'টো তুলিব পাৰা!থেংকছ আ লট কাকু।তোমাকো একপি তুলি দিওঁনে? -পৰিয়ে কাকুৰ ফালে চাই সুধিলে।
: ৱেলকাম।নালাগে, মোক নোতুলিলেও হ'ব। -কাকুৱে পৰিক ক'লে।
কথা কৈ থাকোতেও কাকুৰ দৃষ্টি আঁতৰত থকা নীলাৰ তাত থকা দেখিবলৈ পাই পৰিয়ে কৈ গ'ল-
: কাকু মই কথা এটা গম নাপাওঁ।নীলাই কিয় অনবৰতে মন মাৰি থাকে!তাই অলপ বেছি দেখুৱায় নহয়নে?
কাকু নিমিষতে দৃষ্টি সলাই তাইক সহাঁৰি জনালে-
: নাই, তাই তেনেকুৱাই।তাই বৰকে কথা নকয়।
কাকুৱে সকলো কথা কৈ দিবলৈ মন গৈছিল যদিও প্ৰিয় বান্ধৱী বাবে উচতাই দিয়া বুলি ক'ব ভাৱি কথাবোৰ কোৱা নহ'ল আৰু শাক ছিঙাত লাগিল।
তাই নীলাৰ সকলো কথা গম পায়।নিজৰ খুৰাকৰ জীয়েক।ঘৰখনো কাকুহঁতৰ ওচৰতে।আজিৰ নীৰৱতা ভাল পোৱা ছোৱালীজনী এসময়ত তাইৰ সৈতে স্কুল পঢ়িছিল।শিলিখা, অমৰা, বগৰি আৰু আমলখি বিচাৰি খাবলৈ গাঁৱৰ বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰিছিল।নদীত গা ধুই সাতুৰা খেল খেলিছিল আৰু বালি ঘৰ সাজিছিল।দৰা-কইনা খেলত নিজেই কইনাৰ ভাও দি সাজি-কাচি ভাল পাইছিল।মুঠতে আজৰি সময়ত কোনো প্ৰকাৰে সমনীয়াৰ লগত হাঁহি-স্ফূৰ্তিত থাকিবলৈ ভাল পাইছিল।এতিয়া সেই সকলো নোহোৱা হোৱাৰ কাৰণ একমাত্ৰ তাইৰ মাকৰ অকাল মৃত্যু বুলি ক'লেও ভুল নহয়।মাক মৰাৰ পাছৰে পৰা পাকঘৰৰ ৰন্ধা-বঢ়া সকলো দায়িত্ব তাইৰ হাতত পৰিল।এতিয়া নাই, সকলো হেৰাই থাকিল।দেউতাক আনন্দয়ো তাইক বহুত চেষ্টা কৰিও আনন্দ দিব পৰাগৈ নাই।
: তাই হেনো যোৱাবাৰ মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হ'ল।এইবাৰ দিবগেনে? -এইবাৰ পৰিয়ে আঁতৰত অকলে থকা নীলাক চাই কাকুক সুধিলে।উত্তৰত কাকুৱে-
: নাই নিদিবগে চাগৈ।পৰীক্ষা পালেহিয়ে নহয়জানো!দিয়া হ'লেনো এনেকৈ আমাৰ লগত আড্ড মাৰি থাকিবগৈ নে!
 নাই, আৰু নক'লে তাই।ক'বলৈ মন গৈছিল বেচেৰিজনী পৰীক্ষা দিবগৈ কেনেকে!তাইৰ ৮ বছৰ বয়সতে মাকৰ মৃত্যু হৈছিল।তেতিয়া তাই ইংৰাজী শুদ্ধ আৰু স্পষ্টকৈ পঢ়িব জনাই নাছিল।আৰু গণিতৰ নেওতা মূখস্থ কৰাক বাদ দি অসমীয়া যুক্তাক্ষৰো ভালকৈ পঢ়িব জনাই নাছিল।তেতিয়াৰে পৰাই ঘৰখনৰ ব্যস্ততাই বান্ধি ৰাখিলে তাইক।স্কুলত বেছি ভাগেই অনুপস্থিত হ'বলগীয়া হয়।ছাৰ-বাইদেৱে গালি পাৰিছিল পৰীক্ষাত কম নম্বৰ পোৱা বুলি।অৱশ্যে চেষ্টাও নকৰা নাছিল।কোনোমতেই নৱম মান শ্ৰেণীলৈ পাই পাছত স্কুল যাবলৈকে এৰি দিছিল।এয়া নীলাৰ নিজৰ সিদ্ধান্ত আছিল।তাইৰ মন মেলিছিল দুখীয়া দেউতাকৰ পথাৰৰ ইটো-সিটো কামত সহায় আগবঢ়োৱাৰ।ঘৰত কোনেও কথাটো ভাল পোৱা নাছিল।দেউতাকে বুজাই পৰাই জোৰ-জবৰদস্তিত মেট্ৰিক দিয়াইছিল।যদিও ৰিজাল বেয়া হ'ল।এতিয়া তাই নিজে বুজি উঠিছে।তাই সিদিনা বৰ দেউতাকৰ জীয়েকৰ আগত কৈছিল "ৰীমাবা আপুনিয়ে ভাল হৈছে মেছত থাকি কলেজ পঢ়িছা তাৰোপৰি SSC পৰীক্ষা দিবলৈ গৈ যোৰহাটৰ ডাঙৰ ডাঙৰ স্কুল-কলেজ চাবলৈ পাব।"আৰু তাই নিজক উপলব্ধি কৰিছিল যে তাই দেখোন মেট্ৰিকৰ দেওনাকেই পাৰ কৰিব পৰা নাই।মনতে বহুত দোষ পাইছিল।
এতিয়াও কাকু আৰু পৰিৰ পৰা আঁতৰি অহাৰ কাৰণ নথকা নহয়। --পৰিয়ে নগৰত থাকে।মাঘৰ বিহুত গাঁৱলে আহি যোৱাগৈ নাই।তাই নগৰৰ সৰু-বৰ নানান কথাই সমনীয়াক কৈ শুনায়।বাল্যকালত নীলায়ো শুনি মজা পাইছিল।এতিয়া সেইবাবে অবাধ্য হৈয়ো উপলুঙা কৰি ফুৰিছে।
আনহাতে আজি পৰিয়ে Instagram ত Reels বনুৱাত ব্যস্ত।শেষত কাকু আৰু নীলাকো মাতিছিল।নাই, তেতিয়াও ব্যৰ্থ হ'ল।নীলাই মন নাই বুলি কৈ reels নবনালে। লাহে লাহে সূৰ্য পশ্চিমত মাৰ গ'ল আৰু তিনিও ঘৰমূৱা হ'ল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)