কমনীয় সুখৰ সোণসেৰীয়া ঝংকাৰত
সপোন এটা আহি, মোক নিজৰ কৰি ল'লে
ইকাটি সিকাটি কৈ বগৰাই চালোঁ মই
এটা সময়ত তাক মোৰ
বেয়া নলগাকৈ ভাল লাগি আহিছিল
আচলতে , মই তাক
নিজৰ কৰি লোৱাৰে কথা আছিল ।
খেলি খেলি সি
উমলি জামলি ভাগৰি পৰিছিল
যুদ্ধ ক্ষেত্ৰৰ সৈনিকৰ দৰে
ময়ো কিন্তু তাক আমনি কৰা নাছিলোঁ
ৰৈ আছিলোঁ সি সাৰ পোৱালৈকে
আবেলি পাচ বজাত সাৰ পায় কৈছিল
ৰঙীন ফাগুনৰ জ্বৰত সি হেনো শয্যাশায়ী ।
প্ৰতিশ্ৰুতি পাহৰা নাই সি
চাৰি চকীয়া ব্যক্তিগত গাড়ী এখনত উঠি
ৰাতিপুৱা ছয় বজাতেই আহি হাজিৰ
মই হেঁপাহ পলায় চাই ৰ'লো তাক
মোৰ বুকুৰ মাজত উগুল থুগুল যন্ত্ৰণা এটা
হয়তো সুখৰ অথবা দুখৰ !
তাহানিও দেখিছিলো
নৈৰ ঢৌৰ দৰে সপোন এটা
কিন্তু আজি সি আঁচোতিয়া ৰূপত
চলন্ত ট্ৰেইনৰ ৰঙীন উকি এটাৰ দৰে
গহীণাই ক'লে সি , সকলো ঠিকে ঠাকে আছে
বিলাসী নহয় কোনোমতে জীৱন জুৰাই
মোৰ হৃদস্পন্দন লাহে লাহে স্বাভাৱিক হ'ল
ৰৈ থাকিলোঁ সূৰ্য্য উঠা বাটত
যিদৰে বুদ্ধই বট বৃক্ষৰ তলত !!!
✍️ৰেখা ৰাণী বৰ্মণ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ