ৰোজাৰ তাৎপৰ্য -নাছিৰ আহমেদ

©Admin
0
ইছলামিক বৰ্ষপঞ্জী হিচাপে বছৰৰ নৱম মাহটোক ৰমজান বা ৰামাদান মাহ বুলি গণ্য কৰা হয়।
এই ৰমজান মাহটোতবিশ্বৰ ইছলাম ধৰ্মী মুছলমান সকলে ৰোজা ( ফাৰ্চী শব্দ) ছিয়াম ( আৰবী শব্দ) পালন কৰে। 

ছবেহ ছাদেক ( ফজৰৰ ( ৰাতিপুৱাৰ) নামাজৰ আযান দিয়াৰ প্ৰায় দুই ঘন্টা ( শেষ ৰাতিৰ সময়ত) সুস্থ,সৱল, প্ৰাপ্তবয়স্ক মুছলমান সকলে চেহেৰি ( লঘু ভোজ) খাই গোটেই দিনটো ৰোজা বা ছিয়াম থকাৰ বাবে নিয়ত ( ইচ্ছা প্ৰকাশ) কৰে আৰু সূৰ্যাস্তলৈকে একো পানাহাৰ গ্ৰহণ নকৰি ৰোজা পালন কৰে। সূৰ্যাস্তৰ সময়ত মগৰিবৰ নামাজৰ আজান দিয়াৰ লগে লগে ইফতাৰৰ দোৱা পাঠ কৰি এগিলাচ পানী খাই ৰোজা ভঙ্গ কৰে। 
তাৰ পিছত ৰোজাদাৰ ব্যক্তি সকলে খেজুৰ, চেৱাই,পায়স মিঠাই আদি মিষ্টান্ন খাদ্য খায়।

সাধাৰণতে দূৰ্বল, ৰোগাক্ৰান্ত, গৰ্ভৱতী নাৰী আৰু ঋতুস্ৰাৱৰ সময়ত বা নাবালক সকলৰ বাবে ৰোজা বাধ্যতামূলক নহয়।

ৰোজা বা ছিয়ামক ইছলাম ধৰ্মৰ মূল পাঁচটা স্তম্ভৰ ভিতৰত তৃতীয়তম স্তম্ভ বুলি কোৱা হয়।
যিহেতু ৰমজান মাহৰ জোন দেখি ৰোজা আৰম্ভ হয় আৰু ছওৱাল মাহৰ জোন দেখি ৰোজা সম্পূৰ্ণ হয় , গতিকে ৰোজা ত্ৰিছ বা উনত্ৰিশ (৩০ বা ২৯) দিনীয়া হয়।

এই ৰোজাৰ সময়ত কেৱল পানাহাৰ গ্ৰহণ নকৰাই নহয়, পঞ্চ ইন্দ্ৰীয়ও ( হাত ,ভৰি, নাক,কাণ, ছাল ) সম্পূৰ্ণ ৰূপে সংযম ৰক্ষা কৰি চলিব লাগে। স্বামী- স্ত্ৰীও যৌন কাৰ্য্যৰ বিৰত থাকিবলগীয়া হয়।

আচলতে এই ৰোজা বা ছিয়াম হ'ল কৃচ্ছ্ব সাধনাৰ মাহ । আত্ম উপলব্ধি,আত্ম সংযম, আত্ম বিকাশ , স্বৰ্গীয় অনুভূতিক বিস্তাৰ কৰাৰ মাহ। আত্মাৰ সৈতে পৰমাত্মাৰ মিলনৰ মাহ । 
আৰু বাস্তৱ পৰিস্থিতিৰ ওপৰত ওপৰত লক্ষ্য কৰি দুখীয়া মানুহে লঘোণে থকাৰ দুৰ্বিসহ যন্ত্ৰণা উপলব্ধি কৰাৰ মাহ।
তদুপৰি চিকিৎসা বিজ্ঞানৰ মতেও ৰোজা ৰখাৰ ফলত আমাৰ শৰীৰৰ অভ্যন্তৰীণ বিশেষকৈ পাকস্থলীৰ ভিতৰত সৃষ্টি হোৱা অপ্ৰয়োজনীয় বজ্য পদাৰ্থ বাহিৰলৈ ওলাই শৰীৰৰ হিত সাধন কৰে ; খাদ্যাভ্যাসৰ সময় সূচী পৰিবৰ্তনৰ ফলত শৰীৰৰ পাক কাৰ্যৰ কাম সূচাৰু ৰূপে সমাধান হয় বুলি চিকিৎসক সকলে মন্তব্য আগবঢ়ায়।

,ৰোজা থকা ব্যক্তি সকলে প্ৰতি ৰাতি এশাৰৰ নামাজৰ আজান পৰাৰ লগে লগে ( সন্ধিয়া সাত বজা বা অলপ পিছত) মছজিদত গৈ তাৰাবিহ নামাজ পঢ়ি শৰীৰ আৰু মনক সতেজ কৰে । অৱশ্যে মহিলা সকলে বা কোনো অসুবিধা হলে পুৰুষ সকলেও ঘৰতে তাৰাবিহ নামাজ আদায় কৰাৰ নিয়ম আছে।

তাৰাবিহ নামাজৰ ওপৰিও গোটেই মাহটো ৰমজান মাহত কোৰান শ্বৰীফ পাঠ ,ধৰ্ম আলোচনা কৰি আল্লাহৰ প্ৰতি ভক্তিভাৱ প্ৰদৰ্শন কৰে।

আৰু দুখীয়া পৰিয়ালক দান খয়ৰাত ,জাকাত আদিসহ বিভিন্ন ধৰণে খাদ্য সামগ্ৰী আৰু কাপোৰ কানি বিতৰণ কৰি দুখীয়াৰ দুখ বা অভাৱ দূৰ কৰিবলৈ চেষ্টা কৰে।

ৰোজাৰ মাহটোৰ শেষৰ দহ দিনক লায়লাতুল কদৰ ( সৌভাগ্যৰ দিন) বুলি গণ্য কৰা হয়। এই সময়ত ৰোজা ৰখা মুছলমান সকলে বেছি বেছিকৈ উপাসনা, কোৰান শ্বৰীফ পাঠ কৰিলে বেছি ছওৱাব( পুণ্য ) অৰ্জন হয় । মাহটোৰ শেষৰ তিনিদিন প্ৰধানকৈ সাতাইছ দিনত (২৭) শ্ববে কদৰৰ ৰাতি বুলি কোৱা হয়। এইদিনা খন গোটেই ৰাতি এবাদত ( উপাসনা) কৰিলে হাজাৰ দিনৰ পূণ্যৰ সমান পুণ্য হয় ; কাৰণ এই শ্ববে কদৰৰ ৰাতি পবিত্ৰ কোৰান শ্বৰীফ অৱতীৰ্ণ হৈছিল বুলি উল্লেখ আছে।

তাৰ পিছত ছওৱাল মাহৰ জোন ওলোৱাৰ লগে লগে ৰমজান মাহৰ ৰোজা বা ছিয়াম সাধনাই পৰিপূৰ্ণতা লাভ কৰাৰ বাবে বিশ্ব সকলো মুছলমানে অতি আনন্দ মনেৰে ঈদ -উল - ফিতৰ নামাজ আদায় কৰি পৰম কৰুণাময় আল্লাহৰ ওচৰত ছুকৰীয়া ( কৃতজ্ঞতা) আদায় কৰে ।

সংক্ষিপ্ত ৰূপত ৰোজাৰ তাৎপৰ্য ব্যাখ্যা আগবঢ়াই সকলো সতীৰ্থ কবি বন্ধুক ৰমজান মোবাৰক জ্ঞাপন কৰিলোঁ।

✍️নাছিৰ আহমেদ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)