আকৌ বলিব পছোৱাৰ বতাহ,
হেঁপাহ জানো পলাইছে
আহিছে গৈছে অজস্ৰ!
তথাপিও তোমাৰ অপেক্ষাতে।
অজিও ৰৈ আছে তোমাৰ অপেক্ষাত উন্মুক্ত কবিৰ ডায়েৰীৰ একোটা উকা পৃষ্ঠা,
আৰু তোমাৰ অপেক্ষাতে ৰৈ থকা নাই জানো ধূলিয়ৰি পথটো ।
ফাগুন অহিব অগফালৰ
চোতালত সৰাপাতে দলিচা পাৰিব,
লঠঙা গছৰ ডালত পৰি যুৰিয়া কপৌ হালে বখানিব ফাগুনৰ বতৰা।
ফাগুনৰ বলিয়া প্ৰেয়সীও
বিলীন নহ'ব জানো তোমাৰ মনোমোহা সৌন্দৰ্য্যত,
ফাগুন আকৌ আহিব।
✍️ সঞ্জীৱ গগৈ
যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ