নাৰী তুমি বিপ্লৱী-ছেলিমা বেগম

©Admin
0
ফুলৰ পাহিৰ দৰে নাৰী তোমাৰ অন্তৰ 
হয়!মই এজনী কোমলীয়া অন্তৰৰ নাৰী ,
হয় ভুল হোৱাটো মোৰ স্বাভাৱিক 
হয় মই আৱদ্ধ মাথোঁ 
এটা শব্দৰ মাজত নাৰী
নাৰী মই বিপ্লৱী ৷

য’ত মই বিচাৰি ফুৰো নাৰীৰ মৰ্য্যদা 
য’ত নাৰীক হবলৈ নিদিওঁ নিয্যতা 
য’ত নাৰী হোৱা তুমি আদৰ্শ জীয়ৰী ,
য’ত নাৰী হোৱা তুমি আদৰ্শ বোৱাৰী
য’ত নাৰী হোৱা তুমি আদৰ্শ পত্নী 
য’ত নাৰী হোৱা তুমি আদৰ্শ মাতৃ ৷

নাৰী তুমি পানী হৈ বৈ যোৱা 
অগ্নি হৈ জ্বলি তুমি যোৱা 
হাঁহিৰে দুখ কষ্ট সহ্য কৰি যোৱা,
চকুৰ পানী মুচি লোৱা বিপ্লৱী হোৱা
নাৰী তুমি সঁচাকৈ মহান বিপ্লৱী 
তুমি দুৰ্বল নহয় তুমি বীৰাংগনা ৷


✍️ছেলিমা বেগম
      নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)