এবাৰ নিজক ভুমুকিয়াই চাওঁক-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
জাপানীজ জেন গুৰু ব'কুজুৱে দিনটোৰ অধিক সময় এটা গুহাৰ ভিতৰত ধ্যান কৰি অতিবাহিত কৰিছিল ।  গুহাৰ ভিতৰত জেন বৌদ্ধ ধৰ্মৰ এই গুৰু জনে মাজসময়ে ব'কুজু, ব'কুজু বুলি নিজৰ নামটো চিঞৰ মাতিছিল আৰু  মই ইয়াতেইআছো বুলি নিজকে উত্তৰ দিছিল ।

গুৰু ব'কুজুৰ এই আচৰণে তেওঁৰ শিষ্যসকলক আশ্চৰ্য্যচকিত কৰি তুলিছিল । অৱশেষত মনৰ্ কৌতুহল দমাই ৰাখিব নোৱাৰি গুৰু ব'কুজুৰ এজন ঘনিষ্ঠ শিষ্যই এদিনাখন তেওঁৰ সেই আচৰণৰ আৰঁৰ ৰহস্যৰ কথা জানিবলৈ ইচ্ছা বেকত কৰিছিল।

শিষ্য জনৰ মনৰ মাজত ঘটি থকা  অহেতুক উদ্বেগৰ উমান পাই গুৰু ব'কুজুৱে এটা কোমল হাঁহি মাৰি কৈছিল, মানুহৰ মনটো বৰ চঞ্চল   । এজন মানুহৰ মনত আন এজনৰ প্ৰতি অতি সহজতে প্ৰেম, দয়া, ভক্তি অথৱা শ্ৰদ্ধাৰ দৰে ইতিবাচক ভাৱৰ উদয় নহয়। কিন্ত হিংসা, খঙ, ঘৃণা অথৱা উপেক্ষাৰ দৰে নেতিবাচক ভাৱবোৰে অতৰ্কিতে আমাৰ মন কলুষিত কৰিব সক্ষম হয়। সেই বাবে আমি আমাৰ মনৰ ওপৰত নিয়ন্ত্ৰণ ৰখা অতি প্ৰয়োজন। মনটোক নিয়ন্ত্ৰণ কৰাৰ আগতে নিজক নিজে জনাৰ অতি প্ৰয়োজন।  নিজক জানিব পৰাটো অতি সহজ কথা কিন্ত জানিবলৈ চেষ্টা কথাটোহে কঠিন।  কিয়নো আমি নিজে নিজক জানিবলৈ প্ৰয়োজনবোধ নকৰো। মোৰ মনটো যেতিয়াই ব্যাকুল হৈ উঠে অথবা অহেতুক গভীৰ চিন্তাত নিমগ্ন হৈ পৰে তেতিয়া যাতে মই মোৰ পৰা আঁতৰি নপৰো অথবা দিকভ্ৰান্ত হৈ  নাযাও তাৰ কাৰণে নিজৰ নাম ধৰি নিজক সতৰ্ক কৰো । মই কৰা নিজৰ প্ৰশ্নৰ উত্তৰতে মই ইয়াতেই আছো বুলি কৈ নিজৰ সত্ত্বাৰ অস্তিত্ব সক্রিয় কৰি তোলো। এইয়া মোৰ আত্মনিৰীক্ষণৰ এক স্বকীয় পদ্ধতি মাথোন । এইদৰে মই মোৰ মনৰ অস্থিৰতা অথৱা চঞ্চলতা অতৰাই মনটোক নিজৰ আয়ত্বত ৰাখিব সক্ষম হওঁ ।

কিছু বছৰৰ পাছত জেন গুৰু ব'কুজু আলৰ বুঢ়া হৈ পৰিছিল।  আগৰদৰে তেওঁ গুহাৰ ভিতৰত ধ্যানত মগ্ন হৈ থাকি ভাল পাইছিল । কিন্ত তেওঁৰ আচৰণ সম্পূৰ্ণ সলনি হৈছিল। তেওঁ আগৰ দৰে নিজৰ নাম উচ্চাৰণ কৰি মাজে সময়ে চিঞৰা একেবাৰেই বাদ দিছিল ।  গুৰু ব'কুজুৰ এই পৰিৱৰ্তিত আচৰণৰ বিষয়ে এজন শিষ্যই প্ৰশ্ন কৰাত তেওঁ উত্তৰত কৈছিল, জীৱনৰ এই অন্তিম সময়ত মই মোৰ ওচৰতে আছো । মোৰ মনটো মোৰ সম্পূৰ্ণ আয়ত্বত ৰাখিব পাৰিছো। মোৰ মনত আজি কোনো ব্যাকুলতা নাই । সেই বাবে মই মোক হেৰুৱাৰো কোনো ভয় নাই ।  গতিকে মই নিজৰ  নাম ধৰি নিজক সতৰ্ক কৰাৰো এতিয়া  প্ৰয়োজনো নাই ।

"অপশ্চ্যাতাম্ আত্মা-তত্ত্বম্"  প্ৰায় পাচ হেজাৰ বছৰ আগতেই ৰচিত বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোতকৈ উত্তম গ্ৰন্থ শ্ৰীমদ্ভগৱদগীতাত আত্মোপলব্ধিৰ জ্ঞান নথকা লোক সকলক সবাতোতকৈ মূৰ্খ বুলি কোৱা হৈছে । চকু থকা স্বত্বেও তেওঁলোক অন্ধৰ দৰে।  জীৱনৰ মূল্যবোধৰ প্ৰতি তেওঁলোক অজ্ঞ । আত্ম নিৰীক্ষণ অবিহনে শাস্ত্ৰ জ্ঞান অসাৰ । আমাৰ সমাজত আত্মদৰ্শী  ( introspective) আৰু উতনুৱা ( Extravagant) দুই শ্ৰেণীৰ বিপৰীত প্ৰকৃতিৰ লোক আছে ।  উতনুৱালোক সকল সাধাৰণতে ভৌতিক সৌন্দৰ্য্যৰ বাহ্যিক বৈশিষ্ট্যৰ প্রতি আকৃষ্ট হয় ।  জীৱনৰ উদ্দেশ্য আৰু মূল্যবোধৰ প্ৰতি তেওঁলোকৰ কোন অন্তর্দৃষ্টি নাথাকে । আনহাতে অন্তৰ্দশী ( Introspective) লোক সকলে তেওঁলোকৰ জীৱনৰ মূল্যবোধ আৰু উদ্দেশ্যৰ বিষয়ে অত্যাধিক সতৰ্ক হৈ থাকে ।  স্বাভাৱিকতে তেওঁলোক অতি স্পৰ্শকাতৰ হয় ।  মনৰ ব্যায়াকুলতাৰ আৰঁত যাতে নিজৰ জীৱনৰ মূল্যবোধ আৰু উদ্দেশ্য হেৰাই নাযায় তাৰ কাৰণে  সময়ে সময়ে তেওঁলোকে আত্ম নিৰীক্ষণ ( Self Introspection )ৰ অনুশীলন কৰে । সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে এই অনুশীলন অপৰিহাৰ্য হোৱাৰ দৰকাৰ।


আমাৰ জীৱনৰ মূল্যবোধ আৰু উদ্দেশ্যৰ পৰা যাতে মনৰ সাময়িক ব্যায়াকুলতাৰ বাবে যাতে লক্ষ্যভ্ৰষ্ট নহ'বৰ কাৰণে কেতিয়াবা নিজকে এবাৰ ভুমুকিয়াই চোৱাৰ অতি প্ৰয়োজন। গতিকে আহকছোন আমি সকলোৱেই এবাৰ নিজৰ মাজতে নিজক বিচাৰিবলৈ অনুশীলন  কৰোঁ । 

ধন্যবাদেৰে।

◾চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা
নয়ডা,  উত্তৰপ্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)