শুভকামনা-ৰঞ্জন নেওগ

©Admin
0
শুভকামনাৰ স্পৃহাৰ শুভলগনত 
ব্যাকুলতাৰ জিৰণি ,এমুঠিমান 
স্মৃতিগধুৰ ভাৱনাক বাণীবদ্ধ কৰি, হয় বহুত ভাগৰুৱা আপ্ৰাণ
জীয়া শিলৰ দৰে ; 
পাহাৰৰ অটব্য ,নিৰ্জন নিনাদৰ 
পৰিধিত ,পাপৰিৰ কবি নহয় 
নহয় ম‌ই তেজ পি খোৱা সেই
ৰোমান্টিচিজমৰ কবি ।
উত্তৰ পাৰে ঢাপলি মেলি ,
মহাভৈৰৱৰ মাটিত প্ৰণিপাত জনাই ,চৰণামৃত শিৰত লৈ
প্ৰাপ্তিৰ ভাৱনাই ;
মোক সুখী হোৱাৰ শুভকামনা যাচে ।।

✍️ৰঞ্জন নেওগ 
গোলাঘাট ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)