চিবুমি -চুমিন্দ্ৰ চৌধুৰী

©Admin
0
 সন্ধিয়াৰ প্ৰাৰ্থনা সভাত নিতৌ অংশগ্ৰহণ কৰা এজন অনুগামী বহু দিন ধৰি অনুপস্থিত থকাৰ বাবে প্ৰভূ অমিতাভ চিন্তিত হৈ পৰিছিল। সেয়েহে এদিনাখন প্ৰভূ অমিতাভে  নিজেই ভক্তজনৰ সম্ভেদ লবলৈ বুলি  তেখেতৰ গৃহত গৈ উপস্থিত হৈছিল । নিজৰ উৰুখা পঁজাত অভাৱনীয় ভাবে প্ৰভূৰ দৰ্শন পাই আনন্দত অনুগামীজনৰ দুচকুৱেদি লোটক নিগৰিছিল।  লজ্জা নিবাৰণৰ বাবে  ফাটি ছিগি পৰা একমাত্ৰ দেহবস্ত্র খনেৰে গাটো কোনোমতে ঢাকি অনুগামীজন প্ৰভূৰ চৰণত উবুৰি খাই পৰিছিল । সৰ্বজান্তা প্ৰভূ অমিতাভে দুখীয়া লোকজনৰ ঘৰত উপস্থিত হৈয়েই তেওঁ বিগত   দিন কেইটাত প্ৰাৰ্থনা সভাত উপস্থিত নথকাৰ কাৰণটো বুজি পাইছিল ৷ লজ্জিতবোধ কৰা নিঃকিন অনুগামীজনৰ মুৰত হাত বোলাই প্ৰভূ তথাগত সেই দিনাখন আশ্ৰমলৈ উভতি গৈছিল । প্ৰভূৱে সিদিনাই তেওঁৰ এজন ধনী অনুগামীক  দুখীয়া লোকজনক  দুখন দেহবস্ত্র দিবলৈ অনুৰোধ কৰিছিল ।  পিছদিনাখন  নিঃকিন লোকজনে উপহাৰ হিচাপে পোৱা নতুন দেহবস্ত্র এখন পৰিধান কৰি যথোচিত সময়ত আহি প্ৰভূ শাক্যমুনিৰ প্ৰাৰ্থনা গৃহত উপস্থিত হৈছিল । দেহবস্ত্র দুখন দৰাচলতে প্ৰভূ শাক্যমুনিৰ বাবেহে প্ৰাপ্তি হৈছে বুলি অনুগামীজনে বুজিব পাৰিছিল । সেয়েহে  প্ৰাৰ্থনাৰ অন্তত তেওঁ শলাগ জনোৱাৰ উদ্দেশ্যে প্ৰভূ অমিতাভৰ ওচৰ চাপিছিল। বহুদিনৰ মূৰত অনুগামীজনক পুনৰ প্ৰাৰ্থনা গৃহত দেখিবলৈ পাই প্ৰভূ বহুত সুখী হৈছিল । তেওঁ নতুন কাপোৰ  দুযোৰৰ উপৰিও নিঃকিন লোক জনক আৰু কিবা প্ৰয়োজনীয় বস্তু লাগিব নেকি সুধিছিল । কিন্ত দুখীয়া ভক্তজনে  আৰু একো বস্তুৰে প্ৰয়োজন নাই বুলি   ভগৱান বুদ্ধক সভক্তিৰে কৃতজ্ঞতা জ্ঞাপন কৰিছিল । তেতিয়া মহাপ্ৰভু অমিতাভে অনুগামী জনক তেওঁৰ ফটা দেহবস্ত্রখন  কি কৰিলে বুলি সুধিছিল।  অনুগামীজনে পুৰণি দেহ বস্ত্রখন ৰাতি শোৱাৰ সময়ত গাত মেৰিয়াই লবলৈ ব্যৱহাৰ কৰিছে বুলি  সৰলতাৰে উত্তৰ দিছিল । তেতিয়া শাক্যমুনিৱে  পুৰণি গাতলোৱা কাপোৰখন তেওঁ কি কৰিলে বুলি পুনৰাই প্ৰশ্ন কৰিছিল।  সৰলতাৰে পুনৰ অনুগামীজনে পুৰণি গাত লোৱা কাপোৰখন কাটি খিড়িকীৰ পৰ্দা হিচাপে ব্যৱহাৰ কৰিছে বুলি প্ৰভূ তথাগতক অৱগত কৰিছিল । তেতিয়া প্ৰভূ বুদ্ধই অনুগামীজনক পুৰণি পৰ্দাখন কি  কৰিলে বুলি পুনৰাই  প্ৰশ্ন কৰিছিল । তেতিয়া অনুগামীজনে ফাতি চিতি যোৱা পুৰণি পৰ্দা কেইখন আজি কালি খাদ্য বনোৱাৰ সময়ত গৰম বাচন বৰ্তন ধৰাৰ কামত ব্যৱহাৰ কৰিছে বুলি উত্তৰ দিছিল।  তেতিয়া প্ৰভূ অমিতাভে উৎসুকতাৰে গৰম বাচন ধৰা  পুৰণি কাপোৰ কেইখন নিশ্চয় পেলাই দিলা চাগে বুলি  অনুগামীজনক পুনৰাই প্ৰশ্ন কৰিছিল ।  অকনো খোকোজা নলগা কৈ সেইবাৰো অনুগামীজনে প্ৰভূ অমিতাভক কৈছিল,  প্ৰভূ বাচন ধৰা সেই পুৰণি কাপোৰখন পেলাই নিদি গোবৰ পানী মিহলাই মজিয়া মচিব ব্যৱহাৰ কৰিছিলো। কিন্ত পাচলৈ কাপোৰখনৰ দীঘ আৰু বানীৰ সুতাবোৰ এডাল এডাল হৈ পৰাত  সেই সুতাবোৰ ঘিউৰ চাকিৰ শলিতা হিচাপে ব্যৱহাৰ কৰিব ধৰিছো। সেই শলিতাবোৰৰ কিছু সংখ্যক আজি প্ৰাৰ্থনাৰ সভাৰ বাবে দান কৰিছো । সেই শলিতাৰেই জ্বলা বন্তিয়ে আজি নিশা আপোনাৰ কোঠালীটো উদ্ভাসিত কৰিব বুলি ভক্তজনে আনন্দমনে  প্ৰভূ অমিতাভক জনাইছিল । অনুগামীজনৰ সহজ সৰল উত্তৰত ভগৱান বুদ্ধ অতি প্ৰসন্ন হৈ পৰিছিল । বিশেষকৈ সম্পদৰ অকনো অপব্যয় নকৰি ভক্তজনে পুৰনি কাপোৰ কেইখনৰো সৎ প্ৰয়োগ কৰা বুলি জানিব পাৰি প্ৰভূ তথাগত অতিশয় আনন্দিত হৈ পৰিছিল । কিয়নো  তেৰাই নিজেও শিষ্য সকলক সদায়েই সীমিত বস্তুৰে জীৱন যাপন  কৰিবলৈ উপদেশ দিছিল । লগতে প্ৰত্যেককে  নিজৰ লগত থকা প্ৰয়োজনাধিক বস্তুৰ অপব্যৱহাৰ নকৰি অভাৱগ্ৰস্ত লোকক দি সহায় কৰিবলৈ উদ্বুদ্ধ কৰিছিল । সীমিত সামগ্ৰীৰে জীৱন নিৰ্বাহ কৰা  অনুশীলনকে  জাপানীজ  ভাষাত চিবুমি  অৰ্থাৎ  অতি সুক্ষ্ম বাদ ( Minimalism) বুলি কোৱা হয় ।বৌদ্ধ ধৰ্মৰ মহাযান আৰু জেন   পন্থাত চিবুমি দৰ্শন চৰ্চাৰ ওপৰত যঠেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে । 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)