কুঁৱলী-স্বাগতম বৰা

©Admin
0
চন্দ্ৰাংশু ঢাকি সিদিনা ৰাতি কুঁৱলী নামে চহৰ খনৰ বুকুত..
শুই পৰা চহৰ খন ঠাণ্ডাত সাৰ পাই উঠে যেন কোনোবাই বৰফ ঢালি দিয়ে চকুত ...

কাষৰ নৈখনে চহৰ খনলৈ বুলি গাঁথি দিয়ে কুহেলিকাৰ জঁটত হিম চেঁচা কেইটামান চুমা ...
গছে গছে , বাটে পথে , দেৱালে দেৱালে বগাই বগাই , তাই চতিয়াই যাই , প্ৰেমৰ এন্ধাৰ শীতল মায়া...

শুব নোৱাৰে , ৰজনী ৰক্ষী কুকুৰ কেইটা , গোহালিৰ গৰু কেইটা , ঘৰৰ ৱালবোৰ , গছবোৰ অথবা তৰো তৃণ লতা ...
কক্ষভ্ৰস্ত হয় এন্ধাৰ বোৰ , অন্ধ হয় চহৰখন , লাইট প'ষ্টত খুন্দা মাৰি খাৱৈত পৰি ৰয় এখন গাড়ী উৰে নিশা ..

আন এঠাইত ৰাস্তাৰ দাঁতিত এটা অচিনাক্ত মৃতদেহ , গোট মৰা তেজৰ কাষত দুটামান তৃষ্ণাতোৰ মাখি ..
অন্ধ চহৰে দেখা নাপায় তমস্বিনী আৰু কুহেলিকাই ৰচা এই দুৰ্ভেদ্য চক্ৰবেহুৰ তৰ্ণাস্তি ...

তথাপি আবেদনময়ী এই কুঁৱলী ,
কুঁৱলীৰ চাদৰে চহৰ খনক পুনৰ কৰি তোলে জাজ্বল্যমান ৰমণী ।
◾স্বাগতম বৰা 
ঠিকনা : ঢকুৱাখনা , লখিমপুৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)