মোৰ বিশ্বাস -অজয় ডেকা

©Admin
0
 (ক)
আপোনাৰ বুকুৰ উত্তপ্ত লাভাবোৰ দমন কৰিবলৈ
আকাশৰ পৰা নিয়ৰক নিমন্ত্ৰণ দিয়া হৈছে। নিমন্ত্ৰণ দিয়া হৈছে এজাক মৃদু বতাহক ,
লগতে মাতি পঠাইছোঁ এজাক কিন কিনিয়া বৰষুণক।
যি এপাহি দুপাহিকৈ সৰিব জলাশয়ৰ সোঁৱে-বাঁৱে । 
আপুনি ভাল পাব মোৰ বিশ্বাস।

(খ)
আপুনি হয়টো নাজানে 
আপোনাৰ হাঁহিত ৰাগিয়াল হ'বলৈ যে বসন্ত আহে ।
কেঁচা চুলিৰ সুগন্ধিত জীপাল হ'বলৈ যে শৰৎ আহে।
আপোনাৰ জুহালত তপত হ'বলৈ শীত
ৰূপৰ শিকলিৰে নামি আহে 
আন্ধাৰে ...আন্ধাৰে‌...
আপুনি বাৰু কথাটোত মন দিছেনে‌ ?

এবাৰ ভাবি চাব বৰ্ষাৰ বাৰিষাৰ কথা !

বাৰিষাত আপুনি নদন-বদন হৈ উঠে,
এটা জীয়া হেঁপাহ যিদৰে বাঢ়ি যায় ভিতৰে ভিতৰে, ঠিক সৈই দৰে।
কথাটো হয়তো আগে আপুনি জনা নাছিলে মোৰ বিশ্বাস।

(গ)
নিশা বেৰৰ জলঙাৰে জুমি চাবলৈ নাপাহৰিব
জোনাকী বোৰক।
সিহঁতে পিঠিত লেম লৈ আপোনাক বিচাৰি হাবাথুৰি খায়। আপুনি ক'ত আপুনি ক'ত ...
আৰু সৌৱা তৰাবোৰে হিলদল ভাঙি আপোনাৰ জুহাললৈ বুলি
ভৰিখন আগুৱাই দিছে। 

আকৌ,
আপোনাৰ ভিজা পকা দেহা চুই চাবলৈ ,এচামে 
কটা মৰা ৰণ লাগিছে।
আপুনি বেৰত কাণ থলে চিঞৰ বোৰ শুনিব।
তাকে শুনি পাৰ ভাঙি ডুব নাযাব শুকান পুখুৰীত।
মোৰ বিশ্বাস আপুনি চলাহি কথাত স্নান নকৰে।।


◾অজয় ডেকা
নগাঁও (অসম)
৯৮৬৪৭৪৮৬০৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)