অচিনাকি-আব্দুল কাদেৰ মিঞা

©Admin
0
      

অজ্ঞাত পথ
তথাপিও খোজ কাঢ়ি আছোঁ।
অচিনাকি মানুহ
তথাপিও কিয় ভাবি আছোঁ?
অজ্ঞাত কিছু আৱেগৰ সৈতে
কিয় ইমান সপোন দেখিছোঁ।
অচিনাকি সুখ
তথাপিও কিবা পোৱাৰ আশাত আছোঁ।
অচিনাকি জীৱন
তথাপিও সকলো কষ্ট সহ্য কৰিছোঁ।
অচিনাকি অনুভৱ
তাৰ পিছতো ইমান দৌৰিছো।
সকলো যদি অজ্ঞাত 
এজনক কিয় ইমান অনুভৱ কৰিছোঁ!
 
✍️আব্দুল কাদেৰ মিঞা
দক্ষিণ শালমাৰা মানকাচাৰ              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)