অনুভৱ -সংযুক্তা বৰা

©Admin
0
নোৱাৰিম মিছা প্ৰতিশ্ৰুতিৰে বান্ধিব তোমাক,
কাৰণ তুমি মোৰ প্ৰিয়।
ৰ'ব নোৱাৰিম তোমাৰ বাধ্যজনি হৈ, কাৰণ 
এতিয়া মোৰ বাবে মইও বহুত প্ৰিয়।
নীলা আকাশত সপোনৰ ডেউকা মেলি
দিছোঁ মই, জানো তুমি নোৱাৰিবা,
সম্ভৱ নহ'ব তোমাৰ বাবে 
মোক আৰু বান্ধি ৰখা,
এতিয়া মোৰ বাবে হয়তু মৰমৰ
এনাজৰীতকৈও মোৰ সপোন বোৰ প্ৰিয়।
কিন্তু মই অপেক্ষা কৰিম কাৰণ তুমি বুজিবা,
আকৌ আগৰ দৰে মোক আদৰি ল'বা।
মোৰ বাবে কেৱল তুমিয়েই সকলোতকৈ প্ৰিয়
এই ব্যস্ত দুনিয়াৰ সকলো মোৰ চিৰন্তন অপ্ৰিয়
তোমাৰ দৰে বুজা এজন হয়তো এই পৃথিৱীত দুনাই নোলাব,
তুমি কেৱল তুমি, মোৰ পৃথিৱীত, 
কিন্তু এতিয়া হয়তো ময়েই তোমাৰ বাবে অপ্ৰিয়। 

✍সংযুক্তা বৰা
গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)